টেষ্ট মেচক লৈ শুভমান গীলৰ কেইবাটাও ঘোষণা
অহা ২০ জুনৰ পৰা ইংলেণ্ড ভ্ৰমণত থাকিব ভাৰতীয় দলটো।দুয়োৰে মাজত ৫খন টেষ্ট মেচৰ শৃংখলা হ’ব, যাৰ বাবে বিচিচিআইয়ে ভাৰতীয় দলটো ঘোষণা কৰিছে।
আনহাতে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে প্ৰথমখন টেষ্ট মেচৰ বাবে দল ঘোষণা কৰিছে।শীঘ্ৰেই ইংলেণ্ডলৈ উৰা মাৰিব টিম ইণ্ডিয়া, ইয়াৰ পূৰ্বে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু নতুন অধিনায়ক শুভমান গীলে এখন সংবাদমেল সম্বোধন কৰে।
টেষ্টৰ অধিনায়ক হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমক সম্বোধন কৰে শুভমান গীলে। মুম্বাইস্থিত বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত গম্ভীৰ আৰু শুভমান গীল উপস্থিত আছিল।
ইংলেণ্ড ভ্ৰমণৰ বিষয়ে কি ক’লে শুভমান গীলে
ইংলেণ্ড ভ্ৰমণক লৈ শুভমান গীলে কয় যে, ‘মই ভাবো যে প্ৰতিটো ভ্ৰমণতে দল হিচাপে জয়ী হোৱাৰ হেঁচা থাকে।’ তেওঁ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক মিছ কৰাৰ কথাও কয়।
গীলে কয় যে, ‘আমি দুজন অভিজ্ঞ খেলুৱৈক মিছ কৰিম, যি আমাৰ হৈ খেলিছিলে আৰু মেচ জিকিছিল।তেওঁলোকৰ স্থান পূৰণ কৰিব পৰাটো কঠিন।
কিন্তু, ইয়াতকৈ বেলেগ হেঁচা নাই। প্ৰতিখন ধাৰাবাহিকৰ নিজস্ব চাপ থাকে আৰু আমি চাপ চম্ভালিবলৈ সাজু হোৱা উচিত।
অধিনায়কত্ব লাভৰ পিছত গীলৰ প্ৰতিক্ৰিয়া
ভাৰতীয় টেষ্ট দলৰ কমাণ্ড পোৱাত সুখ প্ৰকাশ কৰি গিলে কয়, ‘অধিনায়কত্ব দিয়াৰ সময়ত মই আপ্লুত হৈ পৰিছিলো।’
উল্লেখ্য যে ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত এই দায়িত্ব শুভমান গীলক দিয়া হৈছিল।তেওঁ ভাৰতক টেষ্ট ক্ৰিকেটত নেতৃত্ব দিয়া ৫ম কনিষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হয়।
বুমৰাহে ৩খন টেষ্ট মেচ খেলিব
মুখ্য প্ৰশিক্ষক গৌতম গম্ভীয়ে প্ৰকাশ কৰে যে কোন তিনিখন টেষ্ট মেচ বেষ্ট বলাৰ যশপ্ৰীত বুমৰাহে এই শৃংখলাত খেলিব, কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।
তেওঁ কয়, ‘বুমৰাহৰ দৰে খেলুৱৈক সলনি কৰাটো কঠিন।কিন্তু, আমাৰ ওচৰত যথেষ্ট গুণগত খেলুৱৈ আছে।মই চেম্পিয়নছ ট্ৰফীতো এই কথা কৈছো।
গম্ভীৰ আৰু কয় যে, ‘আমি এতিয়াও সিদ্ধান্ত লোৱা নাই যে তেওঁ কোন তিনিখন মেচ খেলিব।আমি তেওঁলোকৰ সৈতে আলোচনা কৰিম আৰু তাৰ পিছত টেষ্ট ছিৰিজৰ ফলাফলৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লম
।ধাৰাবাহিকখনৰ ফলাফল অতি গুৰুত্বপূৰ্ণ আৰু এই কথা তেওঁও জানে।আমি তালৈ যোৱাৰ পিছত হে সিদ্ধান্ত লম।গীলে কয়, ‘যেতিয়া আপোনাৰ ওচৰত যশপ্ৰিত বুমৰাহৰ দৰে বেগী বলাৰ থাকে আৰু যেতিয়াই তেওঁ খেলে, তেতিয়াই আমাৰ বাবে বহুত ভাল।’