উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰে নতুন ৰাষ্ট্ৰপতিয়ে

উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰে নতুন ৰাষ্ট্ৰপতিয়ে…

উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰে নতুন ৰাষ্ট্ৰপতিয়ে দক্ষিণ কোৰিয়াৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছে আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা লি জে ম্যুঙে জয়লাভ কৰিছে । ইয়াৰ লগে লগে লি জে ম্যুং দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে । নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰথম

উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰে নতুন ৰাষ্ট্ৰপতিয়ে

দক্ষিণ কোৰিয়াৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছে আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা লি জে ম্যুঙে জয়লাভ কৰিছে । ইয়াৰ লগে লগে লি জে ম্যুং দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে । নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰথম ভাষণত লি জে ম্যুঙে উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব বুলি মন্তব্য কৰে ।

লি জে ম্যুঙে কয় যে তেওঁৰ চৰকাৰে উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰিব যাতে কোৰিয়া উপদ্বীপত শান্তি স্থাপন কৰিব পৰা যায় । কিন্তু তেওঁ লগতে কয় যে যদি উত্তৰ কোৰিয়াৰ পৰা অহা প্ৰৰোচনা অব্যাহত থাকে, তেন্তে আমেৰিকাৰ সৈতে মিলি তেওঁলোকে উত্তৰ কোৰিয়াৰ আগ্ৰাসনৰ উপযুক্ত উত্তৰ দিব । ম্যুঙে কয় যে তেওঁৰ চৰকাৰে জাপান আৰু আমেৰিকাৰ সৈতে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব ।

অভিনন্দন প্ৰধানমন্ত্ৰী মোদীয়ে-

দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে লি জে ম্যুঙক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায় । বুধবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে মিষ্টাৰ লি জে ম্যুংক অভিনন্দন । তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক কৌশলগতভাৱে শক্তিশালী কৰিবলৈ মই আগ্ৰহী ।’

দক্ষিণ কোৰিয়াত সাধাৰণ নির্বাচন অনুষ্ঠিত হোৱাৰ সময়তে প্রাক্তন ৰক্ষণশীল ৰাষ্ট্ৰপতি ইউন ছুক-য়লে হঠাতে দেশখনত সামৰিক আইন জাপি দিয়াৰ নির্দেশ দিছিল ৷ ইয়াৰ ফলত দক্ষিণ কোৰিয়াত ৰাজনৈতিক অশান্তিৰ সৃষ্টি হয় । কিন্তু ব্যাপক প্ৰতিবাদৰ অন্তত কেইঘণ্টামানৰ ভিতৰতে সামৰিক আইন জাৰি কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলগীয়া হয় ইউন ছুক-য়লে । কিন্তু তাৰ পিছত দক্ষিণ কোৰিয়া ৰাজনৈতিক সংকটত আবদ্ধ হৈ পৰে । এতিয়া লি জে ম্যুঙৰ জয়ৰ লগে লগে সেই সংকটৰ অন্ত পৰিছে ।

কোন হয় লি জে ম্যুং-

৬০ বছৰীয়া লীক বিভিন্ন সমীক্ষাত ৰাষ্ট্ৰপতি পদৰ বাবে আটাইতকৈ জনপ্ৰিয় প্ৰাৰ্থী হিচাপে অভিহিত কৰা হৈছিল । যোৱা বছৰৰ ডিচেম্বৰ মাহত যেতিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি ইউনে দেশত সামৰিক আইন জাপি দিছিল, তেতিয়া তেওঁৰ বিৰোধিতা কৰাসকলৰ ভিতৰত লি জে ম্যুং আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি । তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদৰ দৌৰত অংশগ্ৰহণ কৰিছিল লীয়ে । ২০২২ চনৰ আৰম্ভণিতে তেওঁ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আছিল আৰু ইউনৰ বিৰুদ্ধে ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচনত পৰাস্ত হৈছিল ।

লীয়ে দক্ষিণ কোৰিয়াৰ আটাইতকৈ জনবহুল প্ৰদেশ গিয়েংগিৰ গৱৰ্ণৰ আৰু ছিয়ংনাম চহৰৰ মেয়ৰ হিচাপেও অধিষ্ঠীত হৈছিল । লীয়ে কয় যে তেওঁ দেশৰ অৰ্থনীতিৰ উন্নতি সাধন কৰাৰ বাবে কাম কৰিব ।

লগতে পঢ়ক : আমাক দোষ দিয়া বন্ধ কৰক, নিজৰ ভিতৰলৈ চাওক… শ্বাহবাজৰ মন্তব্যক লৈ পাকিস্তানক প্ৰত্যুত্তৰ ভাৰতৰ

শেহতীয়া প্ৰৱন্ধসমূহ