বিৰাট কোহলীৰ চকুত চকুপানী
পঞ্জাব কিংছক পৰাস্ত কৰি ১৭ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৫) খিতাপ দখল কৰে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে । এই ঐতিহাসিক জয়ৰ পিছতে আবেগিক হৈ পৰে বিৰাট কোহলী । আই পি এলৰ আৰম্ভণিৰে পৰা আৰ চি বিৰ সৈতে জড়িত একমাত্ৰ খেলুৱৈ কোহলী । এই জয়ৰ পিছত কোহলীৰ প্ৰতিক্ৰিয়া ভাইৰেল হৈ পৰিছে ।
আৱেগিক হৈ পৰিল কোহলী-
জয়ৰ পিছতে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কোহলীয়ে নিজৰ আৱেগ সম্বৰণ কৰিব নোৱাৰি কান্দি উঠা পৰিলক্ষিত হয় । শেষৰ অভাৰত এই মেচত আৰ চি বি জয়ী হ’ব বুলি নিশ্চিত হোৱাৰ লগে লগে কোহলী আৱেগিক হৈ পৰে । আৰ চি বিয়ে খিতাপ দখল কৰাৰ পিছতে কোহলীয়ে সাৱটি ধৰে পত্নী অনুষ্কা শৰ্মাক । কেৱল এয়াই নহয়, দলৰ প্ৰাক্তন খেলুৱৈ এ বি ডি ভিলিয়াৰ্ছ আৰু ক্ৰীছ গেইলক লগ পোৱাৰ পিছত তেওঁ আনন্দত আত্মহাৰা হৈ পৰে ।
বিজয়ৰ পিছত কি ক’লে বিৰাট কোহলীয়ে-
বিৰাট কোহলীয়ে কয়, ‘এই জয় আমাৰ দলৰ বাবে যিমান, অনুৰাগীৰ বাবেও সিমানেই গুৰুত্বপূৰ্ণ । এইটো আছিল ১৮টা দীঘলীয়া বছৰৰ অপেক্ষা । মই মোৰ যৌৱন, মোৰ শ্ৰেষ্ঠ সময় এই দলটোক দিলোঁ । মই মোৰ সকলো শক্তি ৰাখিলোঁ । এই দিনটো আহিব বুলি মই কেতিয়াও ভবা নাছিলো । শেষৰ বলটো কৰাৰ লগে লগে মই আৱেগিক হৈ পৰিলোঁ ।’
কোহলীয়ে আৰু কয়, ‘এবি ডি ভিলিয়াৰ্ছে এই ফ্ৰেঞ্চাইজিৰ বাবে যি কৰিছে সেয়া চমৎকাৰ । মই মেচৰ আগত তেওঁক কৈছিলো- এই জয় আপোনাৰো আৰু মই বিচাৰিছিলো যে আপুনি আমাৰ সৈতে উদযাপন কৰক । চাৰি বছৰ পূৰ্বে অৱসৰ লোৱাৰ পিছতো তেওঁ এতিয়াও আমাৰ বাবে সৰ্বাধিক মেন অৱ দ্য মেচৰ বঁটা লাভ কৰা খেলুৱৈ । তেওঁ আমাৰ লগত এই মঞ্চত থাকিব লাগে ।’
কোহলীয়ে কয় যে যিয়েই নহওক কিয় মই এই দলটোৰ প্ৰতি সদায় আনুগত্যশীল হৈ আহিছো । কিছুমান মুহূৰ্ত আছিল যেতিয়া মই ভাবিছিলো যে মই হয়তো গুচি যাম, কিন্তু মই এই দলটো এৰি যোৱা নাছিলো । মোৰ হৃদয় বাংগালুৰুৰ লগত, মোৰ আত্মা বাংগালুৰুৰ লগত আৰু যেতিয়ালৈকে মই আই পি এল খেলো তেতিয়ালৈকে মই এই দলৰ হৈ খেলিম । আজি ৰাতি শান্তিৰে শুম । মই নাজানো আৰু কিমান বছৰ এই খেল খেলিব পাৰিম ।
কোহলীয়ে ভগৱানক ধন্যবাদ জনাই কয় যে অৱশেষত এই জয় আহিল । কোহলীয়ে কয় যে নিলামৰ পিছত বহুতে আমাক প্ৰশ্ন কৰিছিল, কিন্তু দ্বিতীয় দিনলৈকে আমি নিশ্চিত হৈছিলো যে আমাৰ হাতত প্ৰয়োজনীয় সকলো আছে ।
লগতে পঢ়ক : ১৮ বছৰীয়া অপেক্ষাৰ অন্ত… প্ৰথমবাৰৰ বাবে চেম্পিয়ন হ’ল আৰ চি বি