ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ যাত্ৰা স্থগিত
ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাত্ৰা ১০ জুনলৈ পিছুৱাই দিয়া হৈছে । দলটোৰ বাধ্যতামূলক প্ৰি-ফ্লাইট কোৱাৰেণ্টাইন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত এই যাত্ৰা পিছুৱাই দিয়া হৈছে ।
এই অভিযান এক্সিয়াম স্পেচৰ এক্স-৪ কাৰ্যসূচীৰ অংশ । প্ৰথমে ২৯ মে’ত এই অভিযান আৰম্ভ কৰাৰ কথা আছিল, যিটো পিছত ৮ জুনত পুনৰ নিৰ্ধাৰণ কৰা হৈছিল যদিও কাৰ্য্যকৰী প্ৰস্তুতি আৰু চলি থকা কোৱাৰেণ্টাইন পদ্ধতিৰ বাবে এতিয়া ১০ জুনত এই অভিযান উৎক্ষেপণ কৰা হ’ব ।
শুভ্ংশু শুক্লা হ’ব এই অভিযানৰ পাইলট-
এই অভিযানত পাইলট হিচাপে কাম কৰিব শুভাংশু শুক্লাই । তেওঁ আই এছ এছ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় হ’বলৈ গৈ আছে । মহাকাশলৈ যোৱা তেওঁ দ্বিতীয়জন ভাৰতীয় হ’ব, প্ৰথম ভাৰতীয় আছিল ৰাকেশ শৰ্মা, যিয়ে ১৯৮৪ চনত এই ঐতিহাসিক অভিযান সম্পন্ন কৰিছিল । এক্স-৪ অভিযানত নাছাৰ প্ৰবীণ মহাকাশচাৰী পেগী হুইটছনক মিছন কমাণ্ডাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ।
লগতে জাহাজখনত আছে পোলেণ্ডৰ বিশেষজ্ঞ স্লাভ’জ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিব’ৰ কাপু, যিয়ে নিজৰ নিজৰ দেশৰ পৰা আই এছ এছলৈ প্ৰথম উৰা মাৰিব । ২৫ মে’ৰ পৰা ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰত দুসপ্তাহৰ প্ৰি-লঞ্চ কোৱাৰেণ্টাইনত আছে পাইলট গ্ৰুপটো ।
লগতে পঢ়ক : ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই মহাকাশত পিন্ধিব এই বিশেষ ঘড়ী… ইয়াৰ বিশেষত্ব কি ?