আই পি এল ফাইনেলত বিঘিনি ঘটাব নেকি বৰষুণে ?
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব চলিত সংস্কৰণৰ আই পি এল ফাইনেল মেচ । এই মেচখন ৩ জুনৰ সন্ধিয়া ৭:৩০ বজাৰ পৰা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ’ব । এই মেচখনৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ সামৰণি অনুষ্ঠানো অনুষ্ঠিত হ’ব । এইবাৰ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই অনুষ্ঠানত ভাৰতীয় সেনাক সন্মান জনাব । আনহাতে এই মেচত যদি বৰষুণ হয়, তেন্তে ফাইনেল মেচৰ ফলাফল কেনেকৈ ওলাব জানক ।
বৰষুণ দিলে আমি কেনেকৈ পাম আই পি এল ফাইনেলৰ ফলাফল ?
৩ জুন মঙলবাৰে অনুষ্ঠিত হ’ব চলিত সংসক্ৰণৰ আই পি এলৰ ফাইনেল । ইয়াৰ পূৰ্বে কলকাতাৰ ইডেন গাৰ্ডেনত এই চূড়ান্ত মেচখন অনুষ্ঠিত হ’বলগীয়া আছিল । কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ বাবে এই মেচখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ স্থানান্তৰ কৰা হয় । মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া এই চূড়ান্ত মেচখনত যদি বৰষুণ হয়, তেন্তে এই খেলখনৰ বাবে ২ ঘণ্টা অতিৰিক্ত সময় ৰখা হৈছে, যাৰ বাবে এই মেচৰ ফলাফল গভীৰ নিশা ১ৰ পৰা ১:৩০ বজাৰ ভিতৰত আহিব পাৰে ।
ফাইনেলৰ বাবে ৰিজাৰ্ভ ডে’ থাকিবনে ?
পঞ্জাৱ আৰু বাংগালুৰুৰ মাজৰ চূড়ান্ত খেলখনত যদি সন্ধিয়া ৭:৩০ বজাৰ পিছত অবিৰতভাৱে বৰষুণ হয় আৰু মেচখন অনুষ্ঠিত নহয়, তেন্তে আই পি এল ফাইনেলৰ বাবে এটা ৰিজাৰ্ভ ডে ৰখা হৈছে । যদি ৩ জুনত ফাইনেল অনুষ্ঠিত নহয়, তেন্তে এই মেচখন ৪ জুনলৈ স্থানান্তৰ কৰা হ’ব । কিন্তু ৩ জুনত আহমেদাবাদত বৰষুণৰ সম্ভাৱনা মাত্ৰ ২০ শতাংশ আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে ।
যদি ৪ জুনতো বৰষুণ হয় আৰু মেচখন অনুষ্ঠিত নহয়, তেন্তে পঞ্জাব কিংছক আই পি এল ২০২৫ৰ বিজয়ী ঘোষণা কৰা হ’ব । ইয়াৰ আঁৰৰ কাৰণ হ’ল লীগ মেচত পঞ্জাৱ দলে পইণ্ট টেবুলত শীৰ্ষস্থান দখল কৰিছে । যদিও দুয়োটা দলে লীগ মেচৰ পৰা ১৯-১৯ পইণ্ট লাভ কৰিছে কিন্তু পঞ্জাৱ কিংছৰ নেট ৰান ৰেট ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুতকৈ ভাল । গতিকে পইন্ট তালিকাত পঞ্জাৱ দলটো প্ৰথম আৰু বাংগালুৰু দ্বিতীয় নম্বৰত আছে ।
লগতে পঢ়ক : IPL Winners : ২০০৮ চনৰ পৰা এতিয়ালৈকে কোনটো ছিজনত কোনটো দল হৈছে চেম্পিয়ন…