ৰাছিয়াৰ বিমানঘাটিত ড্ৰোন আক্ৰমণ
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ শেষ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।ইউক্ৰেইনে ৰাছিয়াৰ দুটা বিমানঘাটিত বৃহৎ ড্ৰোন আক্ৰমণ চলাইছে।এই আক্ৰমণৰ পিছতেই এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।
ইউক্ৰেইনৰ দাবী অনুসৰি এই ড্ৰোনসমূহে ৰাছিয়াৰ ৪০খন বোমাৰু বিমানক লক্ষ্য কৰি লৈছিল।এই আক্ৰমণৰ পিছত ৰাছিয়াৰ আকাশত কেৱল ধোঁৱা দেখিবলৈ পোৱা গৈছে। ৰাছিয়াৰ ইৰকুটস্ক অঞ্চলৰ গৱৰ্ণৰে ড্ৰোন আক্ৰমণৰ কথা নিশ্চিত কৰিছে।
ইউক্ৰেইনে ৰাছিয়াৰ দুটা গুৰুত্বপূৰ্ণ বিমান ঘাটি – অলেনিয়া আৰু বেলায়া আক্ৰমণ কৰিছে।এই আক্ৰমণত ইউক্ৰেইনৰ সেনাই ড্ৰেন ব্যৱহাৰ কৰিছে।
কোৱা হৈছে যে যিটো বিমান ঘাটিক লক্ষ্য কৰি লোৱা হৈছে সেয়া ৰাছিয়া-ইউক্ৰেইন সীমান্তৰ গভীৰতাত অৱস্থিত।এই আক্ৰমণ ইউক্ৰেইনৰ সেনাবাহিনীৰ আজিলৈকে হোৱা আটাইতকৈ ডাঙৰ ড্ৰোন আক্ৰমণ আছিল।
ইউক্ৰেইনে বিশেষভাৱে সেই ঘাটিটোক লক্ষ্য কৰি লৈছে,যিটো ৰাছিয়াই ইয়াক বোমা বিস্ফোৰণ কৰিবলৈ ব্যৱহাৰ কৰিছিল।
ইউক্ৰেইনে ৰাছিয়াৰ ভিতৰত অৱস্থিত কেইবাটাও বিমান ঘাটিত ড্ৰোনেৰে আক্ৰমণ কৰা বুলি প্ৰকাশ কৰিছে,য’ত ৪০খনতকৈও অধিক ৰাছিয়ান বোমাৰু বিমান ধ্বংস হৈছে।
এই বোমাৰু বিমান ব্যৱহাৰ কৰি ৰাছিয়াই ইউক্ৰেইনত বোমা বিস্ফোৰণ কৰিছিল।এইবোৰেই সেই একেবোৰ বিমান যিয়ে প্ৰায়ে ইউক্ৰেইনৰ ওপৰেৰে উৰি বোমা নিক্ষেপ কৰে।
লগতে পঢ়ক: নৱেম্বৰতে দৰা হ’ব ৰিংকু সিং: সাংসদ প্ৰিয়া সৰোজৰ সৈতে বান্ধ খাব সাত জনমলৈ