পাকিস্তানক প্ৰত্যুত্তৰ ভাৰতৰ
সিন্ধু জল সন্ধি সন্দৰ্ভত ভাৰতে পুনৰবাৰ পাকিস্তানক উপযুক্ত প্ৰত্যুত্তৰ দিছে । শুকুৰবাৰে তাজিকিস্তানৰ দুশানবেত ৰাষ্ট্ৰসংঘৰ প্ৰথম হিমবাহ সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ প্ৰদান কৰি পৰিৱেশ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কয় যে পাকিস্তানে নিজেই সন্ত্ৰাসবাদৰ জৰিয়তে এই সন্ধি উলংঘা কৰিছে । এনে পৰিস্থিতিত এতিয়া আমি এই সন্ধি ভংগ কৰিছো বুলি কোৱাটো স্পষ্টকৈ বন্ধ কৰিব লাগে ।
পাকিস্তানক প্ৰত্যুত্তৰ ভাৰতৰ-
তেওঁ আৰু কয় যে পাকিস্তানে মঞ্চৰ অপব্যৱহাৰ আৰু অপ্ৰয়োজনীয়ভাৱে এনে বিষয়ৰ কথা উল্লেখ কৰাৰ চেষ্টাত আমি স্তম্ভিত হৈছো । এনে প্ৰচেষ্টাক আমি তীব্ৰ গৰিহণা দিছো । সিঙে আৰু কয় যে সিন্ধু জল সন্ধি স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা পৰিস্থিতিৰ মৌলিক পৰিৱৰ্তন হোৱাটো এক নিৰ্বিবাদ সত্য । যাৰ বাবে সন্ধিৰ বাধ্যবাধকতাসমূহ পুনৰ মূল্যায়ন কৰাৰ প্ৰয়োজন আছে ।
তেওঁ কয় যে এই পৰিৱৰ্তনসমূহৰ ভিতৰত প্ৰযুক্তিগত উন্নতি, জনগাঁথনি পৰিৱৰ্তন, জলবায়ু পৰিৱৰ্তন আৰু সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ ভাবুকি অন্তৰ্ভুক্ত । সন্ধিখনৰ প্ৰস্তাৱনাত কোৱা হৈছে যে এই সন্ধি সদিচ্ছা আৰু বন্ধুত্বৰ মনোভাৱেৰে সম্পাদন কৰা হৈছিল আৰু এই সন্ধিক সদিচ্ছাৰে সন্মান কৰাটো প্ৰয়োজনীয় । এই সন্ধি উলংঘা কৰি আহিছে পাকিস্তানে । সেয়েহে সন্ধি উলংঘা কৰাৰ বাবে ভাৰতক দোষাৰোপ কৰাৰ পৰা বিৰত থাকিব লাগে ।
তেওঁ কয় যে সন্ধিখনৰ প্ৰস্তাৱনাত উল্লেখ আছে যে এই সন্ধি সদিচ্ছা আৰু বন্ধুত্বৰ মনোভাৱেৰে সম্পাদন কৰা হৈছে আৰু সন্ধিখন সদিচ্ছাৰে সন্মান কৰিব লাগিব । কিন্তু পাকিস্তানৰ সীমা অতিক্ৰম কৰি অব্যাহত থকা সন্ত্ৰাসবাদে সন্ধিৰ বিধানৰ সুবিধা লোৱাৰ ক্ষমতাত বাধাৰ সৃষ্টি কৰিছে । নিজে সন্ধি উলংঘা কৰা পাকিস্তানে ভাৰতক দোষাৰোপ কৰাৰ পৰা বিৰত থকা উচিত ।
উল্লেখ্য যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে শুকুৰবাৰে কয় যে সংকীৰ্ণ ৰাজনৈতিক লাভালাভৰ বাবে সিন্ধু জল সন্ধি স্থগিত ৰাখি আৰু লাখ লাখ মানুহৰ জীৱন বিপদত পেলাই ভাৰতক সীমা অতিক্ৰম কৰিবলৈ দিয়া নহ’ব । পাকিস্তানৰ ‘ডন’ কাকতখনে শ্বৰীফৰ উদ্ধৃতি দি কয় যে সিন্ধু অৱবাহিকাৰ পানীৰ ভাগ-বতৰা নিয়ন্ত্ৰণ কৰা সিন্ধু জল সন্ধি স্থগিত ৰখাৰ একপক্ষীয় আৰু অবৈধ সিদ্ধান্ত ভাৰতে অত্যন্ত দুখজনক ।
লগতে পঢ়ক : PAKৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ কূটনৈতিক জয়; শশী থাৰুৰৰ ষ্ট্ৰাইকৰ পিছত সুৰ সলনি কলম্বিয়াৰ