প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন
গুজৰাটৰ দহোদত প্ৰধানমন্ত্ৰী মোদীয়ে ইঞ্জিন নিৰ্মাণ কাৰখানাকে ধৰি ২৪ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে । অপাৰেচন সিন্দুৰৰ সফলতাৰ পিছত এইটোৱেই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম গুজৰাট ভ্ৰমণ য’ত তেওঁ নিজৰ ৰাজ্যখনক হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূল প্ৰকল্প উপহাৰ দিয়ে ।
গুজৰাটত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে বদোদৰা আৰু দহোদত ৰোড শ্ব’ অনুষ্ঠিত কৰে, এই ৰোড শ্ব’ত জনসাধাৰণৰ বিপুল ভিৰ পৰিলক্ষিত হয় । তাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে দহোদত জনসভা সম্বোধন কৰে । এই সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে ‘অপাৰেচন সিন্দুৰ’ৰ কথা উল্লেখ কৰে । তেওঁ কয় যে সেন্দুৰ মচি পেলোৱাসকলৰ ধ্বংস নিশ্চিত । এয়া কেৱল সামৰিক অভিযান নহয়; বৰঞ্চ ই আমাৰ ভাৰতীয়সকলৰ মূল্যবোধ আৰু আৱেগৰ প্ৰকাশ ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মোদীয়ে তিনিও সেনাক স্বতন্ত্ৰতা দিছিল আৰু আমাৰ সাহসী জোৱানসকলে যি কাম কৰিলে, যিটো কাম বিগত কেইবাটাও দশকত বিশ্বই দেখা নাছিল । আমি সীমান্তৰ সিপাৰে চলি থকা ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান বিচাৰি ওলিয়ালো আৰু ২২ তাৰিখে তেওঁলোকে যি খেল খেলিছিল ৬ তাৰিখে নিশা ২২ মিনিটত সেয়া ধ্বংস কৰা হ’ল । যেতিয়া ভাৰতৰ এই কাৰ্যত পাকিস্তানী সেনাই দিগবিদিক হেৰুৱাই দুঃসাহস দেখুৱালে, তেতিয়া আমাৰ সামৰিক বাহিনীয়ে পাকিস্তানী সেনাকো পৰাস্ত কৰিলে ।
তেওঁ কয় যে বিভাজনৰ পাছত নৱগঠিত দেশখনৰ এটাই লক্ষ্য আছিল– ভাৰতক ঘৃণা কৰি আমাৰ প্ৰগতি ৰোধ কৰিবলৈ চেষ্টা কৰা, কিন্তু আমাৰ এটাই লক্ষ্য আছে- আগবাঢ়ি যোৱা, দৰিদ্ৰতা দূৰ কৰা আৰু এখন উন্নত ভাৰত গঢ়ি তোলা । সঁচা অৰ্থত উন্নত ভাৰত তেতিয়াহে সম্ভৱ হ’ব যেতিয়া আমাৰ সশস্ত্ৰ বাহিনী শক্তিশালী হ’ব আৰু আমাৰ অৰ্থনীতিও শক্তিশালী হ’ব । আমি সম্পূৰ্ণ নিষ্ঠা আৰু দৃঢ়তাৰে সেই দিশত অহৰহ কাম কৰি আছো ।
ইয়াৰ পূৰ্বে ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আজি ২৬ মে’ । ২০১৪ চনৰ আজিৰ তাৰিখতে মই প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো । প্ৰথমে গুজৰাটৰ ৰাইজে আশীৰ্বাদ দিলে, তাৰ পিছত কোটি কোটি ভাৰতীয়ই আশীৰ্বাদ দিলে ।
তেওঁ কয় যে আপোনালোক সকলো গুজৰাটবাসীয়ে মোক প্ৰচুৰ আশীৰ্বাদ দিলে আৰু পিছত দেশৰ কোটি কোটি লোকেও মোক আশীৰ্বাদ দিবলৈ কোনো কাৰ্পণ্য কৰা নাছিল । আপোনালোকৰ আশীৰ্বাদৰ শক্তিৰে মই দিনে নিশাই দেশবাসীৰ সেৱাত নিয়োজিত হৈ থাকিলোঁ । এই বছৰবোৰত দেশে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে যিবোৰ কল্পনাও কৰিব নোৱাৰা আৰু অভূতপূৰ্ব । এই বছৰবোৰত দেশখনে দশক পুৰণি বাধা অতিক্ৰম কৰিছে । প্ৰতিটো খণ্ডতে দেশখনে অগ্ৰগতি লাভ কৰিছে ।
লগতে পঢ়ক : কামত নাহিব পৰমাণু বোমাৰ ভাবুকি… পাকিস্তানক পুনৰ সকীয়নি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে !