জল জীৱন মিছনৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ পলম, খৰচ বৃদ্ধি আৰু গুণগত মানৰ সৈতে জড়িত প্ৰশ্ন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ বাবে ১০০টা বিশেষ দল গঠন কৰা হৈছে, যিয়ে ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৩৫খন জিলাৰ ১৮৩টা প্ৰকল্পৰ তদন্ত কৰিব । মঙলবাৰে কেবিনেটৰ নিযুক্তি সমিতিয়ে ৭৫ জন যুটীয়া সচিব আৰু ১০৬ জন সঞ্চালককে ধৰি কেন্দ্ৰীয় ন’ডেল বিষয়া নিযুক্তি দিয়ে ।
তদন্তৰ উদ্দেশ্য কি-
এই দলসমূহৰ প্ৰশিক্ষণ ২৩ মে’ত অনুষ্ঠিত হ’ব, যাতে তেওঁলোকে পৰিস্থিতিৰ সঠিক মূল্যায়ন কৰিব পাৰে । ৮ মে’ত কেবিনেট সচিবৰ অধ্যক্ষতাত জল শক্তি মন্ত্ৰালয় আৰু ৰাজ্যসমূহৰ বিষয়াসকলৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে । তদন্তৰ মূল উদ্দেশ্য হৈছে প্ৰকল্পসমূহত পলম হোৱাৰ কাৰণ, খৰচ বৃদ্ধি আৰু কামৰ মানদণ্ডৰ সৈতে জড়িত অভিযোগৰ বিষয়ে জনাটো । এই দলসমূহে কেবিনেট সচিবৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগিব ।
কিয় গঠন হ’ল তদন্তকাৰী দল ?
২০১৯ চনত আৰম্ভ হোৱা জল জীৱন মিছনৰ লক্ষ্য ২০২৪ চনৰ ভিতৰত সকলো গ্ৰাম্য পৰিয়াললৈ পাইপৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ধৰা । কিন্তু ইয়াৰ প্ৰাৰম্ভিক বাজেট আছিল ৩.৬ লাখ কোটি টকা, যিটো এতিয়া প্ৰায় ৯ লাখ কোটি টকালৈ বৃদ্ধি পাইছে । তথাপিও বহু ৰাজ্য নিজৰ লক্ষ্যৰ পৰা বহু পিছ পৰি আছে । মধ্যপ্ৰদেশ (২৯টা প্ৰকল্প), ৰাজস্থান আৰু ওড়িশা (২১টা), কৰ্ণাটক (১৯টা), উত্তৰ প্ৰদেশ (১৮টা), কেৰালা (১০টা), গুজৰাট আৰু তামিলনাডু (৮টা) আদি ৰাজ্যত প্ৰকল্পৰ অগ্ৰগতি আৰু মানদণ্ড পৰীক্ষা কৰা হ’ব ।
লক্ষ্যত উপনীত হ’ল এইসমূহ ৰাজ্য-
এই অভিযানৰ অধীনত পঞ্জাৱ, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশকে ধৰি ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ১০০ শতাংশ লক্ষ্যত উপনীত হৈছে । কিন্তু কেৰালা, ঝাৰখণ্ড, পশ্চিম বংগ আৰু এন ডি এ শাসিত ৰাজস্থান, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশৰ দৰে বিৰোধী শাসিত ৰাজ্যত ইয়াৰ অগ্ৰগতি অতি লেহেমীয়া । জল জীৱন অভিযান সময়োপযোগী আৰু গুণগতভাৱে সম্পূর্ণ কৰাৰ দিশত কেন্দ্রীয় চৰকাৰৰ এই পদক্ষেপক গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে ৷ তদন্তৰ পিছত ওলোৱা প্ৰতিবেদনে প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে কৰা আৰু অভাৱসমূহ দূৰ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে ।