জল জীৱন মিছন প্ৰকল্পৰ হ’ব পুংখানুপুংখ তদন্ত...

জল জীৱন মিছন প্ৰকল্পৰ হ’ব পুংখানুপুংখ তদন্ত… কেন্দ্ৰই গঠন কৰিছে ১০০টা দল

জল জীৱন মিছনৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ পলম, খৰচ বৃদ্ধি আৰু গুণগত মানৰ সৈতে জড়িত প্ৰশ্ন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ বাবে ১০০টা বিশেষ দল গঠন কৰা হৈছে, যিয়ে ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৩৫খন জিলাৰ ১৮৩টা প্ৰকল্পৰ তদন্ত

জল জীৱন মিছনৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ পলম, খৰচ বৃদ্ধি আৰু গুণগত মানৰ সৈতে জড়িত প্ৰশ্ন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ বাবে ১০০টা বিশেষ দল গঠন কৰা হৈছে, যিয়ে ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৩৫খন জিলাৰ ১৮৩টা প্ৰকল্পৰ তদন্ত কৰিব । মঙলবাৰে কেবিনেটৰ নিযুক্তি সমিতিয়ে ৭৫ জন যুটীয়া সচিব আৰু ১০৬ জন সঞ্চালককে ধৰি কেন্দ্ৰীয় ন’ডেল বিষয়া নিযুক্তি দিয়ে ।

তদন্তৰ উদ্দেশ্য কি-

এই দলসমূহৰ প্ৰশিক্ষণ ২৩ মে’ত অনুষ্ঠিত হ’ব, যাতে তেওঁলোকে পৰিস্থিতিৰ সঠিক মূল্যায়ন কৰিব পাৰে । ৮ মে’ত কেবিনেট সচিবৰ অধ্যক্ষতাত জল শক্তি মন্ত্ৰালয় আৰু ৰাজ্যসমূহৰ বিষয়াসকলৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে । তদন্তৰ মূল উদ্দেশ্য হৈছে প্ৰকল্পসমূহত পলম হোৱাৰ কাৰণ, খৰচ বৃদ্ধি আৰু কামৰ মানদণ্ডৰ সৈতে জড়িত অভিযোগৰ বিষয়ে জনাটো । এই দলসমূহে কেবিনেট সচিবৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগিব ।

কিয় গঠন হ’ল তদন্তকাৰী দল ?

২০১৯ চনত আৰম্ভ হোৱা জল জীৱন মিছনৰ লক্ষ্য ২০২৪ চনৰ ভিতৰত সকলো গ্ৰাম্য পৰিয়াললৈ পাইপৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ধৰা । কিন্তু ইয়াৰ প্ৰাৰম্ভিক বাজেট আছিল ৩.৬ লাখ কোটি টকা, যিটো এতিয়া প্ৰায় ৯ লাখ কোটি টকালৈ বৃদ্ধি পাইছে । তথাপিও বহু ৰাজ্য নিজৰ লক্ষ্যৰ পৰা বহু পিছ পৰি আছে । মধ্যপ্ৰদেশ (২৯টা প্ৰকল্প), ৰাজস্থান আৰু ওড়িশা (২১টা), কৰ্ণাটক (১৯টা), উত্তৰ প্ৰদেশ (১৮টা), কেৰালা (১০টা), গুজৰাট আৰু তামিলনাডু (৮টা) আদি ৰাজ্যত প্ৰকল্পৰ অগ্ৰগতি আৰু মানদণ্ড পৰীক্ষা কৰা হ’ব ।

লক্ষ্যত উপনীত হ’ল এইসমূহ ৰাজ্য-

এই অভিযানৰ অধীনত পঞ্জাৱ, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশকে ধৰি ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ১০০ শতাংশ লক্ষ্যত উপনীত হৈছে । কিন্তু কেৰালা, ঝাৰখণ্ড, পশ্চিম বংগ আৰু এন ডি এ শাসিত ৰাজস্থান, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশৰ দৰে বিৰোধী শাসিত ৰাজ্যত ইয়াৰ অগ্ৰগতি অতি লেহেমীয়া । জল জীৱন অভিযান সময়োপযোগী আৰু গুণগতভাৱে সম্পূর্ণ কৰাৰ দিশত কেন্দ্রীয় চৰকাৰৰ এই পদক্ষেপক গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে ৷ তদন্তৰ পিছত ওলোৱা প্ৰতিবেদনে প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে কৰা আৰু অভাৱসমূহ দূৰ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ