সোমবাৰে উচ্চতম ন্যায়ালয়ে শ্ৰীলংকাৰ নাগৰিকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । য’ত আবেদনকাৰীয়ে শাস্তি সম্পূৰ্ণ হোৱাৰ পিছত দেশৰ পৰা বিতাড়িত কৰাটোক প্ৰত্যাহ্বান জনাইছিল । আদালতে স্পষ্ট কৰি দিয়ে যে ভাৰত এনে এখন ‘ধৰমশালা’ নহয় য’ত সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক আশ্ৰয় দিব পাৰি ।
ন্যায়াধীশ দিপাংকৰ দত্ত আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰৰ বিচাৰপীঠে কয়, ভাৰতবৰ্ষই সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক আশ্ৰয় দিব নেকি ? আমি ইতিমধ্যে ১৪০ কোটি জনসংখ্যাৰে সংগ্ৰাম কৰি আছো । এইখন কোনো ধৰ্মশালা নহয় য’ত আমি সকলো ঠাইৰ পৰা অহা বিদেশী নাগৰিকক ঠাই দিব পাৰো ।
উচ্চতম ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই এখন আবেদনৰ শুনানি গ্ৰহণ কৰে । ইয়াত কোৱা হৈছে যে শ্ৰীলংকাৰ তামিল নাগৰিকগৰাকীয়ে ইউ এ পি এ গোচৰত সাত বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ কৰি ভাৰত এৰি যাব লাগে । আবেদনকাৰীৰ অধিবক্তাই বিচাৰপীঠক জনোৱা মতে, শ্ৰীলংকাৰ তামিল যুৱকজন ভিছা লৈ ইয়ালৈ আহিছে । নিজৰ দেশতে বিপদত পৰিছে তেওঁৰ জীৱন । কোনো বিতাড়ন প্ৰক্ৰিয়া নোহোৱাকৈ তিনি বছৰ ধৰি আটক কৰি ৰাখিছে তেওঁক ।
ন্যায়াধীশ দিপাংকৰ দত্তই অধিবক্তাক সোধে, ইয়াত থিতাপি লোৱাৰ কি অধিকাৰ আছে ? অধিবক্তাজনে কয় যে আবেদনকাৰীজন শৰণাৰ্থী আৰু তেওঁৰ পত্নী আৰু সন্তানসকলে ভাৰতত বসতি স্থাপন কৰিছে । এই সন্দৰ্ভত ন্যায়াধীশ দত্তই কয় যে ২১ নং দফা উলংঘা হোৱা নাই । তেওঁৰ স্বাধীনতা কাঢ়ি লোৱা হৈছে । কিন্তু ১৯ নং অনুচ্ছেদ অনুসৰি ভাৰতত বসতি স্থাপন কৰাৰ মৌলিক অধিকাৰ কেৱল ভাৰতীয় নাগৰিকৰহে আছে । অধিবক্তাই যেতিয়া আবেদনকাৰীৰ জীৱন বিপদত পৰিছে বুলি ক’লে ন্যায়াধীশ দত্তই তেওঁক আন কোনোবা দেশলৈ যাবলৈ কয় ।
উল্লেখ্য যে, ২০১৫ চনত এল টি টি ইৰ কৰ্মী হোৱাৰ সন্দেহত আন দুজন লোকৰ সৈতে গ্ৰেপ্তাৰ হৈছিল আবেদনকাৰীগৰাকী । ইউ এ পি এৰ অধীনত বিচাৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । মাদ্ৰাজ উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি তিনি বছৰলৈ হ্ৰাস কৰিছিল । উচ্চ ন্যায়ালয়ে কৈছিল যে শাস্তি সম্পূৰ্ণ কৰাৰ পিছত তেওঁ দেশ এৰি যাব লাগিব । ২০০৯ চনত এল টি টি ইৰ প্ৰাক্তন সদস্য হিচাপে শ্ৰীলংকা যুদ্ধত যুঁজিছিল আৰু তাৰ পৰাই তেওঁক বহিষ্কাৰ কৰা হৈছিল বুলি অধিবক্তাগৰাকীয়ে কয় । যদি তেওঁক উভতাই পঠিয়াই দিয়া হয় তেন্তে তেওঁৰ জীৱন বিপদত পৰিব । তেওঁ কয় যে তেওঁৰ পত্নী আৰু পুত্ৰ ৰোগত ভুগি আছে ।