মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহক কৰ্ণেল ছফিয়া কুৰেশ্বীৰ সন্দৰ্ভত বিতৰ্কিত বক্তব্যৰ বাবে উচ্চতম ন্যায়ালয়ে ধমক দিয়ে । এই কথা কৈ উচ্চতম ন্যায়ালয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ স্থগিত ৰখা নাই ।
মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে বিজয় শ্বাহক ধমক দি প্ৰশ্ন কৰে যে আপুনি কেনেধৰণৰ বক্তব্য দিছে ? আপুনি এজন মন্ত্ৰী । মন্ত্ৰী হৈ কেনেধৰণৰ ভাষা ব্যৱহাৰ কৰি আছে ? এজন মন্ত্ৰীৰ বাবে এই কথা যোগ্য নেকি ?
আদালতে কয় যে সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিৰ পৰা এনে বক্তব্য আশা কৰা নহয় । যেতিয়া দেশখন এনে পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈ আছে তেতিয়া দায়িত্বশীল পদত অধিষ্ঠিত ব্যক্তিৰ পৰা এনে বক্তব্য আশা কৰিব নোৱাৰি ।
মুখ্য ন্যায়াধীশে কয়, আপুনি কোন সেইটো জানে নহয়নে ? এই সন্দৰ্ভত বিজয় শ্বাহৰ অধিবক্তাই কয় যে তেওঁৰ ক্লায়েণ্টে ক্ষমা বিচাৰিছে । সংবাদ মাধ্যমে তেওঁৰ বক্তব্য বিকৃত কৰিছে । সংবাদ মাধ্যমে ইয়াক অতিমাত্ৰা প্ৰচাৰ কৰিলে । অধিবক্তাই কয় যে উচ্চ ন্যায়ালয়ে আদেশ দিয়াৰ আগতে আমাৰ শুনানি গ্ৰহণ কৰা নাছিল ।
মুখ্য ন্যায়াধীশে এই বিষয়টো কাইলৈ শুনানি অনুষ্ঠিত হ’ব বুলি কয় । লগতে ন্যায়ালয়ে বিজয় শ্বাহৰ বিৰুদ্ধে উত্থাপিত এফ আই আৰ স্থগিত ৰখাৰ আৱেদন স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে ।