কানাডাৰ নতুন বৈদেশিক মন্ত্ৰী হ’ল ভাৰতীয় মূলৰ অনিতা আনন্দ...

কানাডাৰ নতুন বৈদেশিক মন্ত্ৰী হ’ল  ভাৰতীয় মূলৰ অনিতা আনন্দ… গীতা লৈ গ্ৰহণ কৰিলে শপত

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে কেবিনেটত বৃহৎ সালসলনি কৰিছে । তেওঁ ভাৰতীয় মূলৰ অনিতা আনন্দক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিছে । পূৰ্বৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো চৰকাৰতো অনিতা কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । অনিতা আনন্দে পবিত্ৰ হিন্দু শাস্ত্ৰ গীতাত হাত থৈ পদ আৰু গোপনীয়তাৰ শপত

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে কেবিনেটত বৃহৎ সালসলনি কৰিছে । তেওঁ ভাৰতীয় মূলৰ অনিতা আনন্দক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিছে । পূৰ্বৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো চৰকাৰতো অনিতা কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।

অনিতা আনন্দে পবিত্ৰ হিন্দু শাস্ত্ৰ গীতাত হাত থৈ পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে । তেওঁ কানাডাৰ বৈদেশিক মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাত মই সন্মানিত অনুভৱ কৰিছো বুলি মন্তব্য কৰে । তেওঁ কয় যে, মই প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু আমাৰ দলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি এখন উন্নত আৰু সুৰক্ষিত পৃথিৱী গঢ়ি তুলিবলৈ আগ্ৰহী ।

উল্লেখ্য যে, মেলোনি জ’লীৰ ঠাইত অনিতাক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে । জলীক উদ্যোগ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে । কাৰ্নীৰ মন্ত্ৰীসভাৰ আধা সদস্য মহিলা । প্ৰধানমন্ত্ৰী কাৰ্নীয়ে কয় যে তেওঁৰ মন্ত্ৰীসভাই কানাডাৰ জনসাধাৰণৰ ইচ্ছা আৰু প্ৰয়োজন অনুসৰি পৰিৱৰ্তন আনিবলৈ কাম কৰিব ।

ভাৰতৰ সৈতে অনিতাৰ কি সম্পৰ্ক ?

অনিতা আনন্দ ভাৰতীয় মূলৰ । তেওঁৰ পিতৃ তামিলনাডুৰ, মাতৃ পঞ্জাৱৰ । কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ পিতৃ-মাতৃয়ে কানাডাত বসতি স্থাপন কৰে । তেওঁ গীতাত হাত থৈ বৈদেশিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

ট্ৰুডো চৰকাৰৰ পৰিবহণ আৰু বাণিজ্য মন্ত্ৰীও হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে তেওঁ । ১৯৬৭ চনত নোভা স্কটিয়াত জন্মগ্ৰহণ কৰিছিল অনিতাই । তেওঁৰ পিতৃ-মাতৃ দুয়ো চিকিতসক । অনিতাই টৰন্টো বিশ্ববিদ্যালয়ৰ আইন অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

২০১৯ চনত প্ৰথমবাৰৰ বাবে অকভিলৰ পৰা সাংসদ নিৰ্বাচিত হোৱা অনিতাই ২০২১ চনৰ পৰা ২০২৩ চনলৈ প্ৰতিৰক্ষা মন্ত্ৰী আৰু ২০২৩ চনৰ পৰা ২০২৪ চনলৈ ট্ৰেজাৰী ব’ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । ২০২৫ চনৰ নিৰ্বাচনত নিজৰ আসন অক্ষুণ্ণ ৰাখি মাৰ্ক কাৰ্নী চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব তেওঁ । ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে পেছাত এগৰাকী উকীল আৰু অধ্যাপিকা আছিল অনিতা আনন্দ ।

শেহতীয়া প্ৰৱন্ধসমূহ