যদি আপুনি নিজকে সুস্থ কৰি ৰাখিব বিচাৰে, তেন্তে আপোনাৰ আন্ত্ৰিক স্বাস্থ্যৰ ভালদৰে যত্ন লোৱা উচিত। পেটৰ লগত জড়িত সমস্যাৰ পৰা মুক্তি পাবলৈ ঔষধি গুণেৰে ভৰা এই প্ৰাকৃতিক পানীয়টোক আপোনাৰ দৈনন্দিন খাদ্য পৰিকল্পনাৰ অংশ হিচাপে ল’ব পাৰে।
এই পানীয় বনাবলৈ হালধি আৰু মৌৰ প্ৰয়োজন হ’ব।অতিজৰে পৰাই হালধি আৰু মৌ, দুয়োটাই আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি বিবেচিত হৈ আহিছে।
প্ৰথমে পানীখিনি অলপ গৰম বা কুহুমীয়া কৰি লওক।এতিয়া এগিলাচ পানীত আধা চামুচ হালধি আৰু এচামুচ মৌ দি ভালদৰে মিহলাই লওক।ভাল ফলাফল পাবলৈ এই পানীয় ৰাতিপুৱা সোনকালে খালী পেটত সেৱন কৰিব লাগে।
প্ৰতিদিনে হালধি আৰু মৌৰ এই পানী সেৱন কৰক আৰু মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে নিজেই ইতিবাচক ফলাফল চাওক।
যদি আপোনাৰ আন্ত্ৰিক স্বাস্থ্য উন্নত কৰিব বিচাৰে, তেন্তে আপুনি এই পানীয়টো সেৱন কৰিব পাৰে।হালধি আৰু মৌত পোৱা সকলো পুষ্টিকৰ পদাৰ্থই পেটৰ লগত জড়িত সমস্যা দূৰ কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।
ইয়াৰ উপৰিও এই পানীয় সেৱন কৰিলে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে।
চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈও এই পানীয় সেৱন কৰিব পাৰি।ইয়াৰ উপৰিও হালধি আৰু মৌৰ পানীয়ে হৃদযন্ত্ৰৰ গুৰুতৰ আৰু বিপজ্জনক ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।
এই পানীয়ত থকা উপাদানসমূহে আপোনাৰ স্বাস্থ্যৰ লগতে ছালৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।
(এই লেখাত পৰামৰ্শ দিয়া টিপছসমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্যৰ সৈতে জড়িত যিকোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ আগতে বা কোনো ৰোগৰ সৈতে জড়িত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে অনুগ্ৰহ কৰি চিকিৎসকৰ পৰামৰ্শ লওক।)