বি চি চি আইৰ ডাঙৰ ঘোষণা; অনিৰ্দিষ্টকাললৈ বাতিল IPL ২০২৫

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। তাৰ মাজতে আই পি এল ২০২৫ ক লৈ এটা ডাঙৰ খবৰ আহিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজন অনিৰ্দিষ্টকাললৈ স্থগিত কৰা হৈছে। ২২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল আই পি এল ২০২৫।৭ মে’লৈকে ৫৭খন মেচ সুকলমে অনুষ্ঠিত হৈছিল।৮ মে’ৰ

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। তাৰ মাজতে আই পি এল ২০২৫ ক লৈ এটা ডাঙৰ খবৰ আহিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজন অনিৰ্দিষ্টকাললৈ স্থগিত কৰা হৈছে।

২২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল আই পি এল ২০২৫।৭ মে’লৈকে ৫৭খন মেচ সুকলমে অনুষ্ঠিত হৈছিল।৮ মে’ৰ দিনা ধৰ্মশালাত পঞ্জাৱ আৰু দিল্লীৰ মাজত হোৱা খেলখন মাজভাগতে বন্ধ কৰা হৈছিল।

ইয়াৰ পিছত মেচখন বাতিলৰ ঘোষণা কৰা হয়।এতিয়া IPL ২০২৫ স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে। ভাৰত পাকিস্তানৰ উত্তেজনাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

বিচিচিআইৰ এজন বিষয়াই কয় যে দেশত যুদ্ধ চলি থকাৰ সময়ত ক্ৰিকেট চলি থকাটো ভাল নালাগে। ২৫ মে’ত কলকাতাত সমাপ্ত হ’বলগীয়া লীগখন স্থগিত ৰখাৰ কথা তেওঁ নিশ্চিত কৰে।

শেহতীয়া প্ৰৱন্ধসমূহ