কি হ’ব এল এছ জি আৰু আৰ চি বিৰ আজিৰ মেচখনৰ; বিচিচিআইয়ে ল’ব ডাঙৰ সিদ্ধান্ত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজন মাজভাগতে স্তগিত হ’ব পাৰে ।ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে ভাৰত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এখন বৈঠক অনুষ্ঠিত হৈছে। আজি(৯ মে’) আইপিএল ২০২৫ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে বিচিচিআইয়ে।বিদেশী খেলুৱৈক ঘৰলৈ পঠোৱাটোৱেই বিচিচিআইৰ প্ৰথম অগ্ৰাধিকাৰ হ’ব। আজি আই পি এলত লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত লক্ষ্ণৌ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজন মাজভাগতে স্তগিত হ’ব পাৰে ।ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে ভাৰত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এখন বৈঠক অনুষ্ঠিত হৈছে।

আজি(৯ মে’) আইপিএল ২০২৫ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে বিচিচিআইয়ে।বিদেশী খেলুৱৈক ঘৰলৈ পঠোৱাটোৱেই বিচিচিআইৰ প্ৰথম অগ্ৰাধিকাৰ হ’ব।

আজি আই পি এলত লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত খেল অনুষ্ঠিত হ’ব।এনে পৰিস্থিতিত এই মেচখন হ’ব নে নহ’ব তাকে লৈ সকলোৰে মনত প্ৰশ্ন উদয় হৈছে।

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবেই পঞ্জাব কিংছ (পিবিকেএছ) আৰু দিল্লী কেপিটেলছ (ডিচি)ৰ৮ মে’ (বুধবাৰ)ত অনুষ্ঠিত হ’বলগীয়া মেচখন মাজভাগতে বাতিল কৰা হয়।

ইফালে ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম খালী কৰা হয়।ধৰমশালাৰ পৰা খেলুৱৈসকলক দিল্লীলৈ অনাৰ বাবে এখন বিশেষ ৰে’ল চলোৱা হৈছিল।বিচিচিআইয়ে অগ্ৰাধিকাৰ ভিত্তিত খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীক অনাৰ বাবে বন্দে ভাৰত ৰেলৰ ব্যৱস্থা কৰিছিলে।

শেহতীয়া প্ৰৱন্ধসমূহ