পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ভাৰতে ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিছে।ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত ভাৰতে ড্ৰ’ন আক্ৰমণ কৰিছে।
ইয়াৰ বাবে আজি নিশা পেছাৱৰ জালমি আৰু কৰাচী কিংছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন পিছুৱাই দিয়া হৈছে।
ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সন্মুখত ডাঙৰ সংকট আহি পৰিছে।
পাকিস্তান ছুপাৰ লীগ ২০২৫ত খেলা বিদেশী খেলুৱৈসকলে ঘৰলৈ উভতি যোৱাৰ বিকল্পৰ কথা বিবেচনা কৰিছে।
বুধবাৰে পুৱা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ আক্ৰমণৰ পিছতে পাকিস্তানত ক্ৰিকেট খেলাৰ ক্ষেত্ৰত ইংলেণ্ডৰ খেলুৱৈসকল দ্বিধাদ্বন্দ্বৰ সন্মুখীন হৈছে।
বুধবাৰে পুৱা ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ড আৰু পেছাদাৰী ক্ৰিকেটাৰ্ছ এছ’চিয়েশ্যনৰ মাজত জৰুৰী আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয়।এই সময়ত খেলুৱৈসকলক ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হোৱা নাই।
জানিব পৰা মতে, বহু খেলুৱৈয়ে নিজৰ বিকল্পৰ কথা বিবেচনা কৰি ঘৰলৈ উভতি যাবলৈ বিচাৰিছে। ভাৰতীয় আক্ৰমণৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে জৰুৰী বৈঠক আহ্বান কৰিছে যে পি এছ এল বন্ধ কৰিব লাগে নেকি?
অৱশ্যে লীগ অব্যাহত ৰখাৰ ক্ষেত্ৰত পিচিবিয়ে চৰকাৰৰ পৰামৰ্শ মানি চলিব। একে সময়তে ইংলেণ্ড দলটোৱে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাব বুলি আশংকা কৰিছে যদিও বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খেলুৱৈসকলে অপেক্ষা কৰাৰ নীতি গ্ৰহণ কৰিছে।