পহলগাম সনন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰিছে ইটোৰ পিছত সিটোকৈ কঠোৰ ব্যৱস্থা । প্ৰকৃতিৰ ভূ-স্বৰ্গত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে নিৰীহ লোকৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ পিছতে ভাৰতে দেশখনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা । যাৰ বাবে এতিয়া ভাৰতৰ ভয়ত কম্পমান হৈ পৰিছে চিৰ বৈৰী দেশখন । ইয়াৰ মজতে ভাৰতে পাকিস্তানত আন এক ডাঙৰ আঘাত হানিছে । এইবাৰ ভাৰতে পাকিস্তানলৈ সকলো শ্ৰেণীৰ ডাক আৰু পাৰ্চেল সেৱা বন্ধ কৰি দিছে । এতিয়া ডাক আৰু পাৰ্চেল বিমান বা স্থলপথেৰে পাকিস্তানলৈ পঠিয়াব নোৱাৰিব বা গ্ৰহণ কৰিব নোৱাৰিব ।
দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ডাক আৰু পাৰ্চেল নিষিদ্ধ কৰাৰ সিদ্ধান্তও এই ধাৰাবাহিক কঠোৰ ব্যৱস্থাৰে অংশ । এই সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল । পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ) নামৰ এটা গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল । ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত পুলৱামা আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰত এইটোৱেই আছিল সৰ্ববৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ । সেই আক্ৰমণত ৪৭ জন চি আৰ পি এফ জোৱান শ্বহীদ হৈছিল ।
ভাৰতে পাকিস্তানক দিছে ডাঙৰ আঘাত-
ইয়াৰ পূৰ্বে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । এই বৈঠকত ১৯৬০ চনৰ সিন্ধু জল সন্ধি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হয় । ইয়াৰ লগে লগে সংহত চেক পোষ্ট আট্টাৰী শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিয়া হয় । ইয়াৰ উপৰিও SAARC Visa Rehemption Scheme ৰ অধীনত পাকিস্তানী নাগৰিকক ভাৰতলৈ অহাত অনুমতি দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হয় । লগতে ভাৰতত উপস্থিত থকা যিকোনো পাকিস্তানী নাগৰিকক ভাৰত এৰি যাবলৈ ৪৮ ঘন্টা সময় দিয়া হৈছিল ।
কঠোৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ-
ইয়াৰ পূৰ্বে ‘মন কি বাত’ অনুষ্ঠানত পুনৰবাৰ পহলগাম আক্ৰমণক লৈ শোক প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । পহলগাম আক্ৰমণৰ দোষীক কঠোৰ শাস্তি দিয়াৰ প্ৰয়োজনীয়তাও তেওঁ পুনৰ কয় । তেওঁ কয় যে পহলগাম কাণ্ডই দেশবাসীক আঘাত দিছে আৰু দেশবাসীৰ হৃদয়ত গভীৰ যন্ত্ৰণা আছে । মানুহে অনুভৱ কৰিব পাৰে ভুক্তভোগীৰ পৰিয়ালৰ যন্ত্ৰণা । আতংকৰ ছবি দেখি উতলি আছে প্ৰতিজন ভাৰতীয়ৰ তেজ ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব । আমি এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে আমাৰ ইচ্ছাশক্তি শক্তিশালী কৰিব লাগিব । ভাৰতৰ জনসাধাৰণৰ মাজত যি ক্ষোভ অনুভৱ হয়, সেই ক্ষোভ সমগ্ৰ বিশ্বতে অনুভৱ কৰা হয় । এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ বিশ্বৰ পৰা ধাৰাবাহিকভাৱে শোক প্ৰকাশ পাইছে । বহু ৰাষ্ট্ৰপতিয়ে মোক ফোন কৰি পহলগাম কাণ্ডক লৈ শোক প্ৰকাশ কৰিছে । এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক সকলোৱে তীব্ৰ গৰিহণা দিছে । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত সমগ্ৰ বিশ্বই দেশৰ সৈতে থিয় দিছে । ভুক্তভোগী পৰিয়ালক আশ্বাস দিছো যে তেওঁলোকে ন্যায় পাব… । এই আক্ৰমণৰ দোষীক কঠোৰতম শাস্তি দিয়া হ’ব ।