“Account not available in India.”; ভাৰতত নিষিদ্ধ হ’ল পাকিস্তানী চেলিব্ৰিটিৰ ইনষ্টাগ্ৰমৰ একাউণ্ট

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।এই আক্ৰমণৰ পিছতে ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কিবা ডাঙৰ ব্যৱস্থা ল’ব পাৰে বুলি ধাৰাবাহিকভাৱে খবৰ আহিছে।ইফালে ছচিয়েল মিডিয়াত দুয়োখন দেশৰ মাজত ডিজিটেল ৱাৰ অব্যাহত আছে। কিছুদিন পূৰ্বে ভাৰতে পাকিস্তানী

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।এই আক্ৰমণৰ পিছতে ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কিবা ডাঙৰ ব্যৱস্থা ল’ব পাৰে বুলি ধাৰাবাহিকভাৱে খবৰ আহিছে।ইফালে ছচিয়েল মিডিয়াত দুয়োখন দেশৰ মাজত ডিজিটেল ৱাৰ অব্যাহত আছে।

কিছুদিন পূৰ্বে ভাৰতে পাকিস্তানী অভিনেতা ফৱাদ খানৰ আগন্তুক ছবি আবিৰ-গুলালৰ মুক্তিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল, তাৰ পিছতে এতিয়া আৰু এটা ডাঙৰ খবৰ আহিছে।

পাকিস্তানীৰ ডাঙৰ ডাঙৰ শিল্পীৰ ইনষ্টাগ্ৰাম একাউণ্ট ভাৰতত দেখা নাযায়।ইয়াত হানিয়া আমিৰ, মহিৰা খান, আয়েজা খান, ইকৰা আজিজ, বিলাল আব্বাচকে ধৰি বহু তাৰকাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতৰ এই সিদ্ধান্ত পিছতে স্তম্ভিত হৈ পৰিছে পাকিস্তানি তাৰকা সকল।

ভাৰতীয় লোকে তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্ট SEARCH কৰিলে display হয়, “Account not available in India”। সকলো ফালৰ পৰা যেন ভাৰতে এতিয়া থকা-সৰকা কৰিছে  দেউলীয়া পাকিস্তানক।

শেহতীয়া প্ৰৱন্ধসমূহ