ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ শৈশৱ সংগ্ৰামেৰে ভৰি আছিল, ক্ৰিকেটত কেৰিয়াৰ গঢ়ি তোলাটো তেওঁৰ বাবে সহজ নাছিল । ৰোহিতে পিতৃৰ লগত নাথাকি ককাক আৰু খুড়াকৰ লগত আছিল । ককাকে তেওঁক ক্ৰিকেট একাডেমীলৈ লৈ গৈছিল । আজি হিটমেন হিচাবে জনাজাত ৰোহিত শৰ্মাৰ ৩৮ সংখ্যক জন্মদিন । তেওঁৰ জন্মদিনৰ দিনা জানক কিদৰে ক্ৰিকেটত প্ৰৱেশ কৰিছিল হিটমেনে ? তেওঁৰ সংগ্ৰামৰ সময়ছোৱা কেনেকুৱা আছিল ? আৰু তেওঁৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ কেনেকুৱা ?
১৯৮৭ চনৰ ৩০ এপ্ৰিলত নাগপুৰৰ বনচোড়ত জন্মগ্ৰহণ কৰিছিল ৰোহিত শৰ্মাই । তেলেগু-মাৰাঠী ভাষী পৰিয়ালত জন্মগ্ৰহণ কৰা ৰোহিতে শৈশৱ কালত পিতৃৰ উপাৰ্জন কম হোৱাৰ বাবে ককাক আৰু খুড়াকৰ সৈতে বাস কৰিছিল । তেওঁৰ মাতৃ পূৰ্ণিমা শৰ্মা অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ । তেওঁৰ পিতৃ গুৰুনাথ শৰ্মাই এটা পৰিবহণ প্ৰতিষ্ঠানৰ গুদামৰ তত্ত্বাৱধায়ক হিচাপে কাম কৰিছিল । যদিও তেওঁ সপ্তাহত এবাৰ মাক-দেউতাকৰ ওচৰলৈ গৈছিল, তথাপিও তেওঁ ডম্বিৱিলীৰ এটা কোঠালীৰ ঘৰত বাস কৰিছিল । তেওঁৰ এজন কণিষ্ঠ ভাতৃ বিশাল শৰ্মা আছে ।

অফ স্পীনাৰ হিচাপে কৰিছিল আৰম্ভণি-
ৰোহিত শৰ্মাক তেওঁৰ ককাকে ক্ৰিকেট একাডেমীলৈ লৈ গৈছিল, যিয়ে তেওঁক আৰ্থিকভাৱেও সহায় কৰিছিল । ১৯৯৯ চনত ককাকৰ টকাৰে ক্ৰিকেট শিবিৰত যোগদান কৰে তেওঁ । শিবিৰত তেওঁৰ প্ৰশিক্ষক দীনেশ লাডে তেওঁক স্কুল সলনি কৰি স্বামী বিবেকানন্দ ইণ্টাৰনেশ্যনেল স্কুললৈ যাবলৈ পৰামৰ্শ দিয়ে । ইয়াৰ সুবিধাবোৰ ভাল আছিল । ৰোহিতৰ উদ্ধৃতিৰে তেওঁৰ ৱিকিপিডিয়া পেজত কোৱা হৈছে যে, “মই তেওঁক কৈছিলো যে মোৰ সামৰ্থ্য নাই, কিন্তু তেওঁ মোক বৃত্তি দিলে । গতিকে ৪ বছৰ ধৰি মই এটকাও নিদিলোঁ আৰু মই ক্ৰিকেটত ভাল ফলাফল দেখুৱালোঁ ।”
কিছু বেটিং কৰিবলিয়ো সক্ষম ৰোহিতে অফ স্পীনাৰ হিচাপে ক্ৰিকেটৰ প্ৰশিক্ষণ আৰম্ভণি কৰিছিল । তেওঁৰ প্ৰশিক্ষক লাডে তেওঁৰ বেটিং সম্ভাৱনাক স্বীকাৰ কৰিছিল । আগতে তেওঁ ৮ নম্বৰত বেটিং কৰিবলৈ আহিছিল যদিও প্ৰশিক্ষকে তেওঁক পোনপটীয়াকৈ ইনিংছ মুকলি কৰি দিছিল । হেৰিছ আৰু গিলছ শ্বিল্ড স্কুল ক্ৰিকেট প্ৰতিযোগিতাত তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল, অ’পেনাৰ হিচাপে অভিষেক ঘটোৱাৰ সময়ত শতক অৰ্জন কৰিছিল ৰোহিতে ।
ৰোহিত শৰ্মা ঘৰুৱা কেৰিয়াৰ-
২০০৫ চনৰ মাৰ্চ মাহত গোৱালিয়ৰৰ দেওধৰ ট্ৰফীত ৱেষ্ট জ’নৰ হৈ খেলি তেওঁ লিষ্ট এত অভিষেক ঘটায় । প্ৰথমখন মেচত তেওঁ অষ্টম নম্বৰত বেটিং কৰিছিল, য’ত তেওঁ অপৰাজিত ৩১ ৰান সংগ্ৰহ কৰিছিল । ২০০৬ চনৰ জুলাই মাহত নিউজীলেণ্ড এৰ বিৰুদ্ধে ইণ্ডিয়া এৰ হৈ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটায় ৰোহিতে ।
২০০৬–০৭ ছিজনত মুম্বাইৰ হৈ ৰঞ্জি ট্ৰফীত অভিষেক ঘটায় আৰু গুজৰাটৰ বিৰুদ্ধে ২৬৭টা বলত ২০৫ ৰান সংগ্ৰহ কৰে ৰোহিতে । প্ৰথম শ্ৰেণীৰ ১২৯ খন খেলত ৯৩১৮ ৰান, ৩৪৪ খন লিষ্ট এ মেচত ১৩৪১০ ৰান আৰু ৪৫৭ খন টি-২০ মেচত ১২০৭০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে তেওঁ ।
ৰোহিতৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ-
২০০৭ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়, তেওঁৰ প্ৰথমখন খেল আছিল আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া মেচ । সেই বছৰতে ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ত অভিষেক ঘটায় আৰু ৬ বছৰৰ পাছত টেষ্টত অভিষেক ঘটায় ৰোহিতে । তেওঁ ৬৭খন টেষ্ট, ২৭৩খন এদিনীয়া আৰু ১৫৯খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে । ইয়াত তেওঁ ক্ৰমে ৪৩০১, ১১১৬৮ আৰু ৪২৩১ ৰান সংগ্ৰহ কৰিছে । তিনিওটা ফৰ্মেটতে মুঠ ৪৯টা শতক অৰ্জন কৰিছে ৰোহিতে ।