পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ কঠোৰ স্থিতিৰ বাবে ভয়ত কম্পমান পাকিস্তানে হতাশাত ভুগি আন্তঃৰাষ্ট্ৰীয় সীমান্ততো যুদ্ধবিৰতি উলংঘা আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বে পাকিস্তানে ৫ দিন ধৰি নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘা কৰি আহিছিল । মঙলবাৰ-বুধবাৰৰ নিশা পাকিস্তানী পোষ্টৰ পৰা বন্দুকৰ গুলীৰ শব্দ শুনা যায় । অৱশ্যে ভাৰতে পাকিস্তানক এই কাণ্ডৰ উপযুক্ত উত্তৰ দিয়ে ।
পাকিস্তানে যুদ্ধবিৰতি উলংঘাৰ পিছত এল অ’ চিৰ বহু খণ্ডত কাৰ্যকলাপ বৃদ্ধি পাইছে । ভাৰতীয় সেনাই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু সীমান্ত অঞ্চলত অপাৰেচনেল এলাৰ্ট জাৰি কৰা হৈছে । আচলতে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰ একচন মোডত আছে আৰু পাকিস্তানৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইফালে নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা বৃদ্ধি পাইছে ।
পৰগৱাল ছেক্টৰতো গুলীচালনা-
পাকিস্তানে বিগত ৬ দিন ধৰি অবিৰতভাৱে যুদ্ধবিৰতি উলংঘা কৰি সমগ্ৰ নিশা লঘু অস্ত্ৰৰে গুলীচালনা কৰি আহিছে । কিন্তু বুধবাৰে পাকিস্তানে পৰিস্থিতি অধিক অৱনমিত কৰি তুলিছে । এতিয়া জম্মুৰ পৰাগোৱাল খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ততো গুলীচালনা কৰিছে পাকিস্তানী সেনাই ।
জানিব পৰা মতে মঙলবাৰে পুৱালৈকে পাকিস্তানী সেনাই কেৱল নিয়ন্ত্ৰণ ৰেখাতহে যুদ্ধবিৰতি উলংঘা কৰি আছিল যদিও এতিয়া বুধবাৰে নিশা জম্মুৰ পৰাগোৱাল ছেক্টৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত গুলীচালনা কৰিছে ।
ক্ষুদ্ৰ অস্ত্ৰৰে গুলীচালনা কৰিছে পাকিস্তানে-
২৯–৩০ এপ্ৰিলৰ নিশা পাকিস্তানে জম্মু-কাশ্মীৰৰ নৌশ্বেৰা, সুন্দৰবানি আৰু আখনূৰ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে গুলীচালনাৰ কৰে । এই গুলীচালনা পাকিস্তানী সেনাই ক্ষুদ্ৰ অস্ত্ৰৰে কৰিছিল । ভাৰতীয় সেনাই এতিয়ালৈকে আৰ্টিলাৰী আৰু এয়াৰ ডিফেন্স গান ব্যৱহাৰ কৰা নাই কাৰণ পাকিস্তানৰ ফালৰ পৰা কেৱল ক্ষুদ্ৰ অস্ত্ৰৰ গুলীচালনাহে চলি আছে ।
ইয়াৰ উপৰিও বাৰামুল্লা আৰু কুপৱাৰা জিলাৰ এল অ’ চিৰ কাষৰ পাকিস্তানী সেনাৰ চকীসমূহৰ পৰা আৰু পৰগৱাল খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰেও অপ্ৰৰোচিতভাৱে ক্ষুদ্ৰ অস্ত্ৰৰ গুলীচালনাৰ খবৰ পোৱা গৈছে । ভাৰতীয় সেনাৰ সৈন্যই ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানী সেনাক ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ।
সমগ্ৰ কাশ্মীৰত এল অ’ চিৰ দৈৰ্ঘ্য ৩৪৩.৯ কিলোমিটাৰ, আনহাতে জম্মু অঞ্চলত সীমান্তৰ ২২৪.৫ কিলোমিটাৰ এল অ’ চিৰ অধীনত পৰে ।
পৰগৱাল খণ্ডত বৃদ্ধি পালে বি এছ এফৰ গতিবিধি-
পাকিস্তানক এতিয়া পৰগৱাল খণ্ডত (আন্তঃৰাষ্ট্ৰীয় সীমান্ত) সক্ৰিয় হৈ থকা দেখা গৈছে । ইয়াত বি এছ এফৰ নিয়োগ বৃদ্ধি কৰা হৈছে আৰু সতৰ্কতা কটকটীয়া কৰা হৈছে । আখনূৰৰ পৰা লখনপুৰলৈকে বিস্তৃত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মুঠ দৈৰ্ঘ্য ২০৯.৮ কিলোমিটাৰ ।