জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ধাৰাবাহিকভাৱে উত্তেজনা বৃদ্ধি পাইছে । লগে লগে ভাৰতে গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বাবে এতিয়া পাকিস্তানত আতংকৰ সৃষ্টি হৈছে । এই বাবেই গভীৰ নিশা প্ৰায় ১.৩০ বজাত পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰাৰে এক সংবাদমেল অনুষ্ঠিত কৰে । ইয়াৰ মাজতে তেওঁ দাবী কৰে যে আমি নিৰ্ভৰযোগ্য চোৰাংচোৱা তথ্য লাভ কৰিছো, যিয়ে ভাৰতে আগন্তুক ২৪ৰ পৰা ৩৬ ঘণ্টাত সামৰিক আক্ৰমণ চলাব পাৰে বুলি ইংগিত দিছে ।
মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজৰ বাবে সশস্ত্ৰ বাহিনীক স্বতন্ত্ৰতা দিয়াৰ সময়তে এই বক্তব্য প্ৰকাশ কৰিছে ভয়াতুৰ পাকিস্তানে ।
পাকিস্তানৰ তথ্য মন্ত্ৰী তাৰাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত লিখিছে যে পহলগাম কাণ্ডক ভুৱা অজুহাত দেখুৱাই ভাৰতে অহা ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত সামৰিক আক্ৰমণ চলাব পাৰে বুলি পাকিস্তানৰ বিশ্বাসযোগ্য চোৰাংচোৱা তথ্য আছে ।
তাৰাৰে কয় যে যিকোনো আক্ৰমণাত্মক কাৰ্য্যৰ প্ৰতি নিৰ্ণায়ক সঁহাৰি দিয়া হ’ব । তেওঁ কয় যে পাকিস্তান নিজেই সন্ত্ৰাসবাদৰ বলি হৈ আহিছে আৰু এই সংকটৰ যন্ত্ৰণা সঁচা অৰ্থত বুজি পাইছে । আমি এই কথা পৃথিৱীত সদায় গৰিহণা দি আহিছো । তাৰাৰে কয় যে পাকিস্তানে সত্য উন্মোচনৰ বাবে বিশেষজ্ঞৰ নিৰপেক্ষ আয়োগৰ দ্বাৰা বিশ্বাসযোগ্য, স্বচ্ছ আৰু স্বতন্ত্ৰ তদন্তৰ প্ৰস্তাৱ সম্পূৰ্ণ হৃদয়েৰে আগবঢ়াইছে । পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়কো পৰিস্থিতিৰ গভীৰতাক স্বীকাৰ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে আমি যিকোনো মূল্যৰ বিনিময়ত পাকিস্তানৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সুৰক্ষিত কৰাৰ সংকল্প পুনৰবাৰ প্ৰকাশ কৰিছো ।
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ক’লে- আমি হাই এলাৰ্টত আছো
ৰয়টাৰৰ মতে, ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কৈছিল যে পাকিস্তান হাই এলাৰ্টত আছে যদিও দেশখনৰ অস্তিত্বৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি আহিলেহে পাকিস্তানে নিজৰ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব ।
ভাৰতে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ-
উল্লেখ্য যে ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে পহলগাম হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিটো সন্ত্ৰাসবাদী আৰু সমৰ্থকক চিনাক্ত, অনুসন্ধান আৰু শাস্তি প্ৰদান কৰিব । ইয়াৰ লগতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে । ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰাৰ লগতে সিন্ধু জল সন্ধি স্থগিত ৰাখি আট্টাৰী-ৱাঘা সীমান্ত বন্ধ কৰি দিছে ।