পহলগাম সন্দ্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক কূটনৈতিক সমাধান বিচাৰিবলৈ পৰামৰ্শ দিছে বুলি দেওবাৰে পাকিস্তানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে । পাকিস্তানৰ ‘দ্য এক্সপ্ৰেছ ট্ৰিবিউন’ কাকতত প্ৰকাশ পাইছে যে পাকিস্তান মুছলিম লীগ (নৱাজ)ৰ মুৰব্বী নৱাজ শ্বৰীফে তেওঁৰ কনিষ্ঠ ভাতৃ শ্বাহবাজ শ্বৰীফক ভাৰতৰ সৈতে সংঘাত বৃদ্ধিৰ পৰা হাত সাৰিবলৈ কয় ।
প্ৰতিবেদন অনুসৰি প্ৰধানমন্ত্ৰী শ্বাহবাজে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কৌশল সন্দৰ্ভত নৱাজ শ্বৰীফৰ পৰামৰ্শ লৈছিল । প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰীফক পৰিয়ালৰ বাসগৃহত সাক্ষাৎ কৰে । এই বৈঠকত পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়ম নৱাজো উপস্থিত আছিল ।
কোৱা হৈছে যে আলোচনাৰ সময়ত শ্বাহবাজে সিন্ধু জল সন্ধি বাতিল কৰাৰ পিছত পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিয়ে ল’বলগীয়া সিদ্ধান্তৰ বিষয়ে জ্যেষ্ঠ ভাতৃক অৱগত কৰে । উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকক লক্ষ্য কৰি সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ।
ভুৱা অভিযানৰ অভিযোগ-
বৈঠকৰ সময়ত শ্বেহবাজ শ্বৰীফে পহলগাম আক্ৰমণ ভাৰতে অঞ্চলটোত অস্থিৰতা সৃষ্টিৰ বাবে চলোৱা আন এক “মিছা অভিযান” বুলি অভিযোগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে । তেওঁ উদ্বেগ প্ৰকাশ কৰে যে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তই দুয়োখন পাৰমাণৱিক অস্ত্ৰধাৰী প্ৰতিবেশী দেশৰ মাজত সংঘাতৰ আশংকা বিপজ্জনকভাৱে বৃদ্ধি কৰিব পাৰে ।
শ্বাহবাজ শ্বৰীফক সাৱধান হ’বলৈ পৰামৰ্শ দিলে জেষ্ঠ্য ভাতৃয়ে-
বৈঠকৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আগ্ৰাসী মোডত থকাৰ সময়তে নৱাজ শ্বৰীফে তেওঁক সাৱধান হ’বলৈ পৰামৰ্শ দিয়ে । নৱাজ শ্বৰীফে ভাৰতৰ সৈতে উত্তেজনা দূৰ কৰিবলৈ আৰু সম্ভাৱ্য সামৰিক সংঘৰ্ষ ৰোধ কৰিবলৈ পাকিস্তানে সকলো কূটনৈতিক বিকল্পৰ সন্ধান কৰা উচিত বুলি জোৰ দিয়ে ।
নৱাজ শ্বৰীফে অঞ্চলটোত শান্তিৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে পাকিস্তানে দক্ষিণ এছিয়াত শান্তি বিচাৰে আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দিয়ে ।