পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে দেশৰ লগতে বিশ্বৰ আন আন প্ৰান্ততো ক্ষোভৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে এই বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিধ্বনি ৰাষ্ট্ৰসংঘটো গুঞ্জৰিত হৈছে । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে । পৰিষদৰ সদস্যসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰচাৰ কৰা পৃষ্ঠপোষক, অপৰাধী আৰু বিত্তীয় সহায় কৰাসকলক জবাবদিহিতাৰ আহ্বান জনাইছে ।
শুকুৰবাৰে জাৰি কৰা এক প্ৰেছ বিবৃতিত ১৫ জনীয়া নিৰাপত্তা পৰিষদে পুনৰ কয় যে সন্ত্ৰাসবাদে, ইয়াৰ সকলো ৰূপ আৰু প্ৰকাশতে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । পৰিষদৰ সদস্য দেশসমূহে এই আক্ৰমণত নিহতসকলৰ পৰিয়াল আৰু ভাৰত আৰু নেপাল চৰকাৰৰ প্ৰতি গভীৰ সমবেদনা আৰু শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে ।
যিকোনো সন্ত্ৰাসবাদী কাৰ্য অপৰাধমূলক-
আন্তঃৰাষ্ট্ৰীয় আইন আৰু নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ অনুসৰি সকলো সদস্য ৰাষ্টক নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে পৰিষদে । লগতে সকলো প্ৰশাসনিক সংস্থা (প্ৰাসংগিক)ৰ সৈতে সক্ৰিয় সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । পৰিষদে কয় যে, যিয়েই নহওক কিয় যিকোনো সন্ত্ৰাসবাদী কাৰ্য অপৰাধমূলক আৰু ইয়াক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি, সেয়া যতেই নহওক কিয়, যি উদ্দেশ্যেৰেই নহওক কিয় ।
ইফালে সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিসমূহ সকলো দেশেই মোকাবিলা কৰাটো প্ৰয়োজন বুলি কয় নিৰাপত্তা পৰিষদে । লগতে পৰিষদে এই ব্যৱস্থা ৰাষ্ট্ৰসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন, আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী আইন আৰু মানৱীয় আইন অনুসৰি গ্ৰহণ কৰা উচিত বুলিও মন্তব্য কৰে ।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিউয়ৰ্কৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত বৃহৎ সংখ্যক সাধাৰণ নাগৰিক নিহত হোৱাৰ ঘটনাক গৰিহণা দিছে সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে । সচিব প্ৰধান গুটেৰেছে আঙুলিয়াই দিয়ে যে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা আক্ৰমণ কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰি ।
তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীৰ বৰ্তমান দুয়োখন দেশৰ সৈতে কোনো প্ৰত্যক্ষ যোগাযোগ হোৱা নাই যদিও বৰ্তমানৰ পৰিস্থিতিক লৈ তেওঁ চিন্তিত আৰু পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীৰ মুখপত্ৰই ভাৰত আৰু পাকিস্তানক সৰ্বাধিক সংযম প্ৰয়োগ কৰি পৰিস্থিতি যাতে আৰু অধিক অৱনতি নঘটে তাক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ।