‘যদি সিঁহতে ধৰ্মৰ কথা সুধি গুলিচালনা কৰিছিল, তেন্তে আপুনি অন্ততঃ…’; মন্ত্ৰী নিতেশ ৰাণেৰ বিস্ফোৰক মন্তব্য

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ফাড়নাৱিছ চৰকাৰৰ মন্ত্ৰী নিতেশ ৰাণেয়ে এটা বিতৰ্কিত মক্তব্য প্ৰদান কৰিছে। ৰত্নাগিৰি জিলাৰ ডাপোলি তহচিলত আয়োজিত হিন্দু ধৰ্মীয় সমাৱেশত মঞ্চৰ পৰাই ৰাণে কৈছে যে-‘মুছলমানৰ পৰা বস্তু কিনিব নালাগে’। ‘যদি আমাৰ ধৰ্ম সুধি আমাক গুলীয়াই মাৰে, তেন্তে আপুনিও তেওঁলোকৰ ধৰ্ম সোধাৰ পিছতহে বস্তু

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ফাড়নাৱিছ চৰকাৰৰ মন্ত্ৰী নিতেশ ৰাণেয়ে এটা বিতৰ্কিত মক্তব্য প্ৰদান কৰিছে।

ৰত্নাগিৰি জিলাৰ ডাপোলি তহচিলত আয়োজিত হিন্দু ধৰ্মীয় সমাৱেশত মঞ্চৰ পৰাই ৰাণে কৈছে যে-‘মুছলমানৰ পৰা বস্তু কিনিব নালাগে’।

‘যদি আমাৰ ধৰ্ম সুধি আমাক গুলীয়াই মাৰে, তেন্তে আপুনিও তেওঁলোকৰ ধৰ্ম সোধাৰ পিছতহে বস্তু কিনিব লাগে।যদি তেওঁলোকে হিন্দু বুলি কয়, তেন্তে তেওঁলোকক হনুমান চলিছা পাঠ কৰিবলৈ কওক…কাৰণ তেওঁলোকে মিছাও ক’ব পাৰে। কাৰণ তেওঁলোক নালায়ক হয়’।

‘কেৱল হিন্দু দোকানৰ পৰাহে সামগ্ৰী কিনিব লাগে।এই মানুহবোৰে(ঔৰংজেব) নিজৰ পৰিয়ালৰেই আপোন হ’ব নোৱাৰে তেন্তে আমাৰ কেনেকৈ হ’ব। এই লোকসকলে নিজৰ ধৰ্মক লৈ ইমানেই উন্মাদ তেন্তে আমি তেওঁলোকক কিয় ধনী কৰিম’।

তেওঁ লগতে কয় যে, ‘আপুনিA শপত লৈ এই ধৰ্মীয় সমাৱেশৰ পৰা ওলাই যাওক যে এতিয়াৰ পৰা আমি কেৱল হিন্দুৰ পৰাহে সামগ্ৰী কিনিম, তাৰ পিছত চাওক কেনেকৈ তেওঁলোকে কঁপিবলৈ আৰম্ভ কৰিব…’।

‘আমি সিহঁতক গাখীৰ খুৱাম আৰু তাৰ পিছত সিহঁতে আমাক কামুৰিব।সেই ঔৰংজেৱে পিতৃক হত্যা কৰিছিল, পৰিয়ালটো ধ্বংস কৰি নিজৰ ভাতৃক হত্যা কৰিলে’।

‘যিসকলে নিজৰ মানুহৰ কাষত থিয় নহ’ল, তেওঁলোকে আপোনাৰ ওচৰত কেনেকৈ থিয় দিব, এই বিষয়ে চিন্তা কৰক’।