শুকুৰবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ খেলখনত ৮টা বল বাকী থকা অৱস্থাত চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদে।
এই জয়েৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে এক ইতিহাসৰ সৃষ্টি কৰিছে। চেন্নাই ছুপাৰ কিংছক তেওঁলোকৰ ঘৰুৱা খেলপথাৰ চেপাউকত সমৰ্থন কৰিবলৈ যথেষ্ট সংখ্যক দৰ্শক আহিছিল।
কিন্তু এই ছিজনত দলটোৰ ধাৰাবাহিক পৰাজয়ে আকৌ এবাৰ অনুৰাগীৰ হৃদয় ভাঙিলে। ইফালে ছানৰাইজাৰ্ছ হায়দৰাবাদে (এছ আৰ এইচ) এই ছিজনত তৃতীয়টো জয় পঞ্জীয়ন কৰে।
পেট কামিন্সে ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিছে। পেট কামিন্সে এতিয়া চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদক আই পি এল মেচত জয়ী কৰোৱা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হৈছে তেওঁ।
ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০১৩চনৰ পৰাই আই পি এলৰ অংশ হৈ আছে, কিন্তু ইয়াৰ পূৰ্বে চেপাউকত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে দলটোৱে কেতিয়াও জয় লাভ কৰা নাই। পেট কামিন্সে এইদৰেই ইতিহাসৰ সৃষ্টি কৰিছে।
আই পি এল ২০২৫ ছিজনত চেন্নাই ছুপাৰ কিংছৰ ১৭ বছৰৰ পাছত চেপাউকত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে, ১৫ বছৰৰ পাছত দিল্লী কেপিটেলছৰ বিৰুদ্ধে আৰু এতিয়া প্ৰথমবাৰৰ বাবে আমি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আই পি এলৰ মেচত পৰাস্ত হৈছে।
চেপাউকত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে জয়লাভ কৰি চলিত আই পি এল ২০২৫ ছিজনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ তৃতীয়টো জয়।