পুনৰ যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানে; LoC ত গোটেই নিশা গুলিচালনা, পাক পোষ্টৰ পৰা গুলিবৰ্ষন

পেহেলগামৰ আক্ৰমণৰ পিছতো পাকিস্তানে নিজৰ কুৎসিত কাৰ্যকলাপৰ পৰা বিৰত থকা নাই।পাকিস্তানে অহৰহ উলংঘা কৰি আছে যুদ্ধবিৰতি। ২৫–২৬ এপ্ৰিলৰ নিশা কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে পাকিস্তান সেনাবাহিনীৰ বিভিন্ন পোষ্টৰ পৰা গুলিচালনা কৰিছে। ভাৰতীয় সৈন্যইও তাৰ উপযুক্ত উত্তৰ দিছে। বৰ্তমান কোনো ধৰণৰ হতাহতিৰ খবৰ পোৱা নাই।ভাৰতীয় সেনাই এই

পেহেলগামৰ আক্ৰমণৰ পিছতো পাকিস্তানে নিজৰ কুৎসিত কাৰ্যকলাপৰ পৰা বিৰত থকা নাই।পাকিস্তানে অহৰহ উলংঘা কৰি আছে যুদ্ধবিৰতি।

২৫–২৬ এপ্ৰিলৰ নিশা কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে পাকিস্তান সেনাবাহিনীৰ বিভিন্ন পোষ্টৰ পৰা গুলিচালনা কৰিছে।

ভাৰতীয় সৈন্যইও তাৰ উপযুক্ত উত্তৰ দিছে। বৰ্তমান কোনো ধৰণৰ হতাহতিৰ খবৰ পোৱা নাই।ভাৰতীয় সেনাই এই তথ্য দিছে।

য়াৰ পূৰ্বে বৃহস্পতিবাৰৰ লগতে শুকুৰবাৰেও কাশ্মীৰ উপত্যকাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলত ভাৰতীয় সেনাৰ ফৰৱাৰ্ড পোষ্টত গুলিচালনা কৰা হৈছিল।সেনাই ইয়াৰ উপযুক্ত উত্তৰ দিলে।

ভাৰতীয় সেনাৰ এজন বিষয়াই জনোৱা মতে, নিয়ন্ত্ৰণ ৰেখাৰ কিছু ঠাইত পাকিস্তানী সেনাই ক্ষুদ্ৰ অস্ত্ৰৰে গুলিচালনা কৰে।

ইয়াৰ উপযুক্ত উত্তৰ দিয়া হৈছে।একে সময়তে উত্তৰ কাশ্মীৰৰ এল অ’ চিৰ পৰিস্থিতিৰ বাবে স্থানীয় ৰাইজে ভয়ত কটাবলগীয়া হৈছে।

তেওঁৰ মতে, দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ মাজত শান্তি পুনৰুদ্ধাৰ হোৱাৰ বাবে এই অঞ্চলসমূহত শান্তিৰ লগতে উন্নয়নও হ’বলৈ আৰম্ভ কৰিছিল।