বেলুচিস্তানত বিএলএৰ বৃহৎ আক্ৰমণ;  আই ই ডি বিস্ফোৰণত ১০ জন পাকিস্তানী জোৱান নিহত

বেলুচিস্তানত পাকিস্তানী সেনাবাহিনীৰ ওপৰত বৃহৎ আক্ৰমণ কৰিছে। বেলুচ লিবাৰেচন আৰ্মীয়ে দাবী কৰিছে যে কুৱেটাৰ সমীপৰ মাৰ্গাট অঞ্চলত পাকিস্তানী সেনাক আক্ৰমণ কৰাত ১০ জন জোৱানক নিহত হৈছে। বিএলএৰ মতে, ৰিম’ট কণ্ট্ৰ’লড ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আইইডি)ৰ জৰিয়তে এই আক্ৰমণ সংঘটিত কৰা হৈছে, য’ত সেনাবাহিনীৰ বাহনখন সম্পূৰ্ণৰূপে ধ্বংস

বেলুচিস্তানত পাকিস্তানী সেনাবাহিনীৰ ওপৰত বৃহৎ আক্ৰমণ কৰিছে। বেলুচ লিবাৰেচন আৰ্মীয়ে দাবী কৰিছে যে কুৱেটাৰ সমীপৰ মাৰ্গাট অঞ্চলত পাকিস্তানী সেনাক আক্ৰমণ কৰাত ১০ জন জোৱানক নিহত হৈছে।

বিএলএৰ মতে, ৰিম’ট কণ্ট্ৰ’লড ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আইইডি)ৰ জৰিয়তে এই আক্ৰমণ সংঘটিত কৰা হৈছে, য’ত সেনাবাহিনীৰ বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হয়।এই আক্ৰমণটোৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ লিবাৰেচন আৰ্মীয়ে।  

এই অঞ্চলটো দীৰ্ঘদিন ধৰি বেলুচ বিদ্ৰোহীৰ কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ আহিছে।বৰ্তমান এই আক্ৰমণ সন্দৰ্ভত পাকিস্তানী সেনাই কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত বিগত কেইবাবছৰ ধৰি বেলুচ লিবাৰেচন আৰ্মীয়ে সশস্ত্ৰ সংগ্ৰাম চলাই আহিছে।

পাকিস্তানত কিছুদিনৰ পৰা অবিৰতভাৱে সন্ত্ৰাসবাদী আক্ৰমণ চলি আছে।যোৱা মাহত কুৱেটাৰ পৰা টাফটানলৈ যোৱা সেনাৰ কনভয়ত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, য’ত ৭ জন জোৱান নিহত আৰু ২১ জন আহত হয়।

এই আক্ৰমণৰ দায়িত্ব লৈ বেলুচ লিবাৰেচন আৰ্মীয়ে (BLA) ৯০ জন পাকিস্তানী সৈনিকৰ মৃত্যুৰ দাবী কৰে।

ইয়াৰ পূৰ্বে ১১ মাৰ্চত কুৱেটাৰ পৰা পেছাৱৰলৈ যোৱা জাফৰ এক্সপ্ৰেছ বিএলএ বিদ্ৰোহীয়ে অপহৰণ কৰিছিল।  

শেহতীয়া প্ৰৱন্ধসমূহ