‘সন্ত্ৰাসবাদীক শেষ কৰিব লাগে ভাৰতে, আমেৰিকা লগত আছো…’; পেহেলগাম আক্ৰমণৰ সন্দৰ্ভত আমেৰিকাৰ প্ৰতিক্ৰিয়া

ভাৰতত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক আমেৰিকাই তীব্ৰ গৰিহণা দিছে আৰু কৈছে যে এই দুখৰ সময়ত তেওঁলোক ভাৰতৰ সৈতে আছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টেমি ব্ৰুচে কয় যে, ‘ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু বিদেশ মন্ত্ৰী ৰুবিঅ’ই ইতিমধ্যে স্পষ্ট কৰি দিছে যে, আমেৰিকা ভাৰতৰ সৈতে আছে আৰু সন্ত্ৰাসবাদৰ প্ৰতিটো

ভাৰতত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক আমেৰিকাই তীব্ৰ গৰিহণা দিছে আৰু কৈছে যে এই দুখৰ সময়ত তেওঁলোক ভাৰতৰ সৈতে আছে।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টেমি ব্ৰুচে কয় যে, ‘ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু বিদেশ মন্ত্ৰী ৰুবিঅ’ই ইতিমধ্যে স্পষ্ট কৰি দিছে যে, আমেৰিকা ভাৰতৰ সৈতে আছে আৰু সন্ত্ৰাসবাদৰ প্ৰতিটো কাৰ্যক তীব্ৰ গৰিহণা দিছে’।

তেওঁ কয়, ‘এই আক্ৰমণত প্ৰাণ হেৰুৱাসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিছো, আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ আৰু আমি বিচাৰো এই জঘন্য আক্ৰমণৰ দোষীক শাস্তি দিব লাগে।

আমেৰিকাক এই আক্ৰমণত পাকিস্তানৰ ভূমিকা সম্পৰ্কে স্পষ্ট মন্তব্য দিবলৈ কোৱাত মুখপাত্ৰগৰাকীয়ে কয় যে আমেৰিকাই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

টেমি ব্ৰুচে কয়, ‘এয়া এক দ্ৰুতগতিত পৰিৱৰ্তিত পৰিস্থিতি আৰু আমি ইয়াক অতি নিবিড়ভাৱে লক্ষ্য কৰি আছো।’

তেওঁ লগতে কয় যে, ‘আমি এই সময়ত কাশ্মীৰ বা জম্মুৰ পৰিস্থিতি সন্দৰ্ভত কোনো আনুষ্ঠানিক স্থিতি গ্ৰহণ কৰা নাই। এতিয়া ইয়াতকৈ বেছি আৰু একো কব নোৱাৰো’।