ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে ভয়ংকৰ ঘটনা;  পাক আৰক্ষীৰ কৱলত ভাৰতীয় সেনা

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে ডাঙৰ খবৰ পোহৰলৈ আহিছে।এজন BSF জোৱানক আটক কৰিছে পাক সেনাই। জানিব পৰা মতে ভাৰতীয় সীমান্ত নিৰাপত্তা বাহিনীৰ এজন জোৱানে ভুলবশতঃ পঞ্জাৱ সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিছিল। যাৰ বাবে পাকিস্তানি ৰেঞ্জাৰে আটক কৰি ৰাখিছে BSF জোৱান গৰাকীক। এজন বিষয়াই জনাইছে যে জোৱানজনক

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে ডাঙৰ খবৰ পোহৰলৈ আহিছে।এজন BSF জোৱানক আটক কৰিছে পাক সেনাই।

জানিব পৰা মতে ভাৰতীয় সীমান্ত নিৰাপত্তা বাহিনীৰ এজন জোৱানে ভুলবশতঃ পঞ্জাৱ সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিছিল। যাৰ বাবে পাকিস্তানি ৰেঞ্জাৰে আটক কৰি ৰাখিছে BSF জোৱান গৰাকীক।

এজন বিষয়াই জনাইছে যে জোৱানজনক মুক্তিৰ বাবে দুয়োখন দেশৰ বাহিনীৰ মাজত আলোচনা অব্যাহত আছে।তেওঁ কয় যে বুধবাৰে (২৩ এপ্ৰিল, ২০২৫) ফিৰোজপুৰ সীমান্তৰ সিপাৰৰ পৰা পাকিস্তান ৰেঞ্জাৰসকলে ১৮২ নং বেটেলিয়নৰ কনিষ্টবল পি কে সিঙক জিম্মাত লৈছিল।

বিষয়াজনে কয় যে জোৱানজনে ইউনিফৰ্ম পিন্ধিছিল আৰু তেওঁৰ হাতত এটা চাৰ্ভিচ ৰাইফলো আছে।তেওঁ লগতে কয় যে বি এছ এফৰ জোৱানজন এজন খেতিয়কৰ লগত কথা পাতি আছিল আৰু ছাঁত জিৰণি ল’বলৈ আগবাঢ়ি গৈছিল।

ইয়াৰ পিছতে তেওঁক পাকিস্তানী ৰেঞ্জাৰে ধৰি লৈ য়ায়। অৱশ্যে বি এছ এফৰ জোৱানগৰাকীৰ মুক্তিৰ বাবে দুয়োখন দেশৰ বাহিনীৰ মাজত বৈঠক চলি থকা বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

শেহতীয়া প্ৰৱন্ধসমূহ