ভাৰতৰ কাৰ্যত স্তম্ভিত পাকিস্তান ; বন্ধ কৰিলে বাঘা সীমান্ত আৰু এয়াৰস্পেছ

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰ একচন মোডত আছে। ভাৰত চৰকাৰে বাতিল কৰিছে সিন্ধু জল সন্ধি। ইয়াৰ উপৰিও বাঘা-আটাৰী সীমান্ত আৰু পাকিস্তানী নাগৰিকৰ ভিছাও বন্ধ কৰি দিয়া হৈছে। যাৰ বাবে পাকিস্তানৰ অস্থিৰতা বৃদ্ধি পাইছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আজি ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ জৰুৰী বৈঠক

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰ একচন মোডত আছে। ভাৰত চৰকাৰে বাতিল কৰিছে সিন্ধু জল সন্ধি। ইয়াৰ উপৰিও বাঘা-আটাৰী সীমান্ত আৰু পাকিস্তানী নাগৰিকৰ ভিছাও বন্ধ কৰি দিয়া হৈছে।

যাৰ বাবে পাকিস্তানৰ অস্থিৰতা বৃদ্ধি পাইছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আজি ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে।

ইয়াত ২২ এপ্ৰিলত পহলগামত সংঘটিত আক্ৰমণৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি আৰু ভাৰতৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰা হ’ল।

পাক সেনা প্ৰধান অসীম মুনিৰ, নৌসেনাৰ মুৰব্বী এডমিৰেল আৰু পাকিস্তানৰ বায়ু প্ৰধান মাৰ্শ্বাল জহীৰ আহমেদ বাবৰে এই বৈঠকত অংশগ্ৰহণ কৰিছে।এই বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।

ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী দিয়াৰ পিছতে পাকিস্তানে ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে।লগতে ভাৰতীয়ক দিয়া ভিছাও বাতিল কৰা হৈছে আৰু বাঘা সীমান্তও বন্ধ কৰি দিয়া হৈছে।

বৈঠকখনত পাকিস্তানে ভাবুকি দি কয় যে যদি ভাৰতে পাকিস্তানৰ অংশ পানী বন্ধ কৰে বা গতি সলনি কৰে, তেনেহলে ইয়াক যুদ্ধৰ কাৰ্য বুলি গণ্য কৰা হ’ব আৰু ইয়াৰ প্রত্যুত্তৰ দিবলৈ সকলো শক্তি ব্যৱহাৰ কৰা হ’ব৷

শেহতীয়া প্ৰৱন্ধসমূহ