জম্মু-কাশ্মীৰ আৰক্ষীয়ে পহলগাম আক্ৰমণৰ সৈতে জড়িত তিনিটা সন্দেহজনক সন্ত্ৰাসবাদীৰ স্কেচ্চ প্ৰকাশ কৰিছে । সন্দেহজনক এই সন্ত্ৰাসবাদী কেইটা আছিফ ফুজি, চুলেইমান শ্বাহ আৰু আবু তল্হা বুলি চিনাক্ত কৰা হৈছে ।
এই স্কেচবোৰ অঞ্চলটোত ব্যাপকৰূপত প্ৰচাৰ কৰা হৈছে যাতে মানুহে সন্দেহযুক্ত সন্ত্ৰাসবাদী কেইটাক চিনাক্ত কৰাত সহায় হয় । এই সন্দেহযুক্ত লোকসকলৰ আত্মগোপন আৰু যোগাযোগৰ তদন্তত এতিয়া ব্যস্ত হৈ পৰিছে তদন্তকাৰী সংস্থা । চোৰাংচোৱা সংস্থাৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীয়ে পীৰ পাঞ্জল পাহাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ পিছত ৰাজৌৰীৰ পৰা চত্ৰু, তাৰ পিছত ৱাধৱনৰ পৰা পহলগামলৈ যাত্ৰা কৰিছিল ।
এই অঞ্চলটো ৰিয়াছি আৰু উধমপুৰ জিলাৰ ওচৰত অৱস্থিত, য’ত গুজ্জৰ আৰু বাকৰৱাল জনগোষ্ঠীৰ বৃহৎ জনসংখ্যা আছে । সন্ত্ৰাসবাদীয়ে হয়তো এই পথটো বাছি লৈছিল যাতে সাধাৰণ মানুহৰ আৱৰণত গোপনে যাত্ৰা কৰিব পাৰে আৰু কোনেও সন্দেহ নকৰে ।
পৰ্যটনস্থলীত নিৰাপত্তা বৃদ্ধি-
বিশেষকৈ গুৰুত্বপূৰ্ণ পৰ্যটন স্থানসমূহত সমগ্ৰ উপত্যকাটোত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে । শ্ৰীনগৰত অধিকাংশ দোকান, ইন্ধন কেন্দ্ৰ আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ হৈ আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । সমগ্ৰ চহৰখনত কেৱল অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকানসমূহহে খোলা থাকে । ৰাজহুৱা পৰিবহণ বন্ধ যদিও ব্যক্তিগত বাহনসমূহ স্বাভাৱিকভাৱে চলি আছে । বিষয়াসকলে জনোৱা মতে, উপত্যকাটোত ব্যক্তিগত বিদ্যালয়সমূহ বন্ধ আছে যদিও চৰকাৰী বিদ্যালয়সমূহ খোলা আছে । এই বন্ধৰ প্ৰভাৱ উপত্যকাৰ অন্যান্য জিলা সদৰতো দেখা গৈছে ।