ভেটিকানৰ প্ৰথমজন লেটিন আমেৰিকান পন্টিফ পোপ ফ্ৰান্সিছৰ সোমবাৰে মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ । ফ্ৰান্সিছৰ মৃত্যুৰ পিছত এতিয়া আৰম্ভ হৈছে এক সপ্তাহজোৰা প্ৰক্ৰিয়া য’ত মানুহে তেওঁক শেষবাৰৰ বাবে চাব পাৰিব । প্ৰথমে ভেটিকানৰ বিষয়াসকলে চেণ্ট মাৰ্টা চেপেলত আৰু তাৰ পিছত চেণ্ট পিটাৰছত সাধাৰণ জনতাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাব ।
ইয়াৰ পিছত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া পৰিচালনা কৰিব কলেজ অৱ কাৰ্ডিনেলছৰ ডীন কাৰ্ডিনেল জিওভানি বাটিষ্টা ৰেই । পোপ ফ্ৰান্সিছৰ ইচ্ছা অনুসৰি চহৰৰ সিপাৰৰ ছেইণ্ট মেৰী মেজৰ বেচিলিকাত সমাধিস্থ কৰা হ’ব তেওঁক । কিন্তু যুগ যুগ ধৰি চেণ্ট পিটাৰ বেচিলিকা বা ইয়াৰ গুহাত মৃত পোপসকলক সমাধিস্থ কৰাটো এটা পৰম্পৰা হৈ আহিছে । কিন্তু পোপ ফ্ৰান্সিছে প্ৰৱৰ্তন কৰা সংস্কাৰৰ ফলত মৃত পোপসকলক ভেটিকানৰ বাহিৰত সমাধিস্থ কৰিব পৰা যায় । এই সংস্কাৰৰ উদ্দেশ্য পোপৰ অন্ত্যেষ্টিক্ৰিয়া এই জগতৰ এজন শক্তিশালী ব্যক্তি হিচাপে নহয়, এজন ধৰ্মগুৰু আৰু প্ৰভু যীশুৰ অনুগামী হিচাপে হোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়া ।
অন্তিম সংস্কাৰত তিনিটা পদ্ধতি পালন কৰা হয়-
-পোপৰ মৃত্যুৰ পিছত মূলতঃ অন্ত্যেষ্টিক্ৰিয়াৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ পদ্ধতি অনুসৰণ কৰা হয় । ভেটিকানৰ স্বাস্থ্য সেৱাৰ মুৰব্বীয়ে মৃতদেহ পৰীক্ষা কৰি মৃত্যুৰ কাৰণ নিৰ্ণয় কৰে আৰু প্ৰতিবেদন প্ৰস্তুত কৰে । মৃতদেহটোক বগা কাপোৰ পিন্ধোৱা হয় । মৃত্যুৰ আনুষ্ঠানিক ঘোষণা নোহোৱালৈকে মৃতদেহটো পোপৰ ব্যক্তিগত চেপেলত ৰখা হয় ।
-পৰম্পৰাৰ পৰিৱৰ্তনৰ বাবে আৰু চাইপ্ৰাছ, কাঁচ আৰু ওক গছৰ দ্বাৰা নিৰ্মিত তিনিটা পৰম্পৰাগত কফিনত মৃতদেহটো ৰখাৰ প্ৰয়োজন নাই । পোপৰ মৃতদেহ এতিয়া কাঠৰ কফিনত ৰখা হৈছে, যাৰ ভিতৰত জিংকৰ কফিন আছে । পোপক ৰঙা চোলা আৰু উলৰ ষ্টোল পিন্ধোৱা হয় । ওচৰতে তেওঁৰ পবিত্ৰ লাঠি ৰখা হয় ।
-যেতিয়া মৃতদেহটো বেচিলিকালৈ অনা হয় তেতিয়া লিটনি অৱ চেণ্টছ গোৱা হয় । অন্ত্যেষ্টিক্ৰিয়াৰ আগদিনা ৰাতি আন জ্যেষ্ঠ কাৰ্ডিনেলৰ উপস্থিতিত কেমাৰলেংগোৰ তত্বাৱধানত কফিনটো বন্ধ কৰি ছীল কৰা হয় । পোপৰ মুখৰ ওপৰত বগা কাপোৰ এখন ৰখা হয় । কফিনটোত পোপ হিচাপে তেওঁৰ কাৰ্যকালত মুদ্ৰাৰে ভৰা এটা বেগ ৰখা হয় । পোপ হিচাপে তেওঁৰ কাৰ্যকালৰ লিখিত বিৱৰণো ৰখা হয় । জিংকৰ কফিন আৰু কাঠৰ কফিনৰ কভাৰ দুয়োটাতে ‘ক্ৰছ’ আৰু পোপৰ প্ৰতীক অংকিত থাকে ।