ৰোহিত আৰু বিৰাটৰ মাজত আৰম্ভ হ’ল এক অনন্য ‘যুদ্ধ’; এই অভিলেখৰে ১ নম্বৰত পৰিণত হ’ল হিটমেন

আই পি এল ২০২৫ৰ উত্তেজনা শিখৰত উপনীত হৈছে। ২০ এপ্ৰিলৰ দেওবাৰে দেখা গ’ল দুখনকৈ ৰোমাঞ্চকৰ মেচ।এখন মেচত বিজয়ৰ নায়ক হ’ল বিৰাট কোহলি, আনখন মেচত নায়ক হিচাপে পৰিগণিত হয় তেওঁৰ বেষ্ট ফ্ৰেণ্ড ৰোহিত শৰ্মা। আই পি এলত প্লেয়াৰ অৱ দ্য মেচৰ অভিলেখৰ বাবে দুয়োৰে মাজত এক

আই পি এল ২০২৫ৰ উত্তেজনা শিখৰত উপনীত হৈছে। ২০ এপ্ৰিলৰ দেওবাৰে দেখা গ’ল দুখনকৈ ৰোমাঞ্চকৰ মেচ।এখন মেচত বিজয়ৰ নায়ক হ’ল বিৰাট কোহলি, আনখন মেচত নায়ক হিচাপে পৰিগণিত হয় তেওঁৰ বেষ্ট ফ্ৰেণ্ড ৰোহিত শৰ্মা।

আই পি এলত প্লেয়াৰ অৱ দ্য মেচৰ অভিলেখৰ বাবে দুয়োৰে মাজত এক ৰোমাঞ্চকৰ যুঁজ চলি আছে।এসময়ত এই অভিলেখ ৰজা কোহলি শাসনত আছিল যদিও এতিয়া মুকুট ৰোহিত শৰ্মাৰ শিৰলৈ গৈছে।

দেওবাৰে ৰোহিত আৰু কোহলী দুয়োৱে দুৰ্দান্ত প্ৰদৰ্শন কৰা দেখা গৈছিল৷বিয়লি পঞ্জাৱৰ বিৰুদ্ধে খেলখনত বিৰাট কোহলীয়ে জিলিকি উঠাৰ বিপৰীতে সন্ধিয়াটো ৰোহিতৰ আছিল।

বিৰাটে ৭৩ ৰানৰ মেচ বিজয়ী ইনিংছ খেলি ১৯ সংখ্যক প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ দখল কৰে।আনহাতে হিটমেনে ৪৫টা বলত ৭৬ ৰান কৰি ২০ সংখ্যক প্লেয়াৰ অৱ দ্য মেচৰ খিতাপ দখল কৰে।

ভাৰতীয় খেলুৱৈৰ ভিতৰত আই পি এলত সৰ্বাধিক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা।

যদি আমি কোহলীৰ কথা কওঁ তেন্তে তেওঁ দ্বিতীয় স্থানত আছে।বিৰাটে এই পৰ্যন্ত ১৯টা বঁটা লাভ কৰিছে। এই অভিলেখৰ বাবে দুয়োৰে মাজত তীব্ৰ দৌৰ আৰম্ভ হৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ