আই পি এল ২০২৫ৰ যাত্ৰা আগবাঢ়ি যোৱাৰ লগে লগে ইয়াৰ উত্তেজনাও বাঢ়িছে । বহু খেলুৱৈয়ে এই ছিজনত নিজৰ প্ৰদৰ্শনেৰে অনুৰাগীৰ হৃদয়ত স্থান দখল কৰিছে । কিন্তু এনে বহু খেলুৱৈ আছে যিসকলে ভাল প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰা হৈছিল যদিও বিপুল পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী হোৱাৰ পিছতো এতিয়ালৈকে তেওঁলোকৰ প্ৰদৰ্শন দুৰ্বল । এনে ৫ জন খেলুৱৈৰ কথা জানক, যাৰ ওপৰত ফ্ৰেঞ্চাইজিসমূহে কোটি কোটি টকা খৰছ কৰিছিল যদিও তেওঁলোকৰ প্ৰদৰ্শন প্ৰশ্নৰ আৱৰ্তত ৰৈ গৈছে ।
ভেংকটেশ আয়াৰ-
কলকাতা নাইট ৰাইডাৰ্ছে ভেংকটেশ আয়াৰক ২৩.৭৫ কোটি টকাৰ মোটা অংকত তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিছিল । কিন্তু আয়াৰৰ বেটৰ পৰা এতিয়ালৈকে খেলা ৭খন মেচত গড়ে ২৪.৫ আৰু ষ্ট্ৰাইক ৰেট ১৫৫.০৫ত মাত্ৰ ১২১ ৰানহে আহিছে । তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ২৯টা বলত ৬০ ৰানৰ ইনিংছ, য’ত তেওঁ ৭টা চাৰি আৰু তিনিটা ছয় কোবাইছিল । চলিত ছিজনত আয়াৰৰ বেটখন নিমাত হৈ আছে ।
ঋষভ পন্ট-
২৭ কোটি টকাৰে আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা ঋষভ পন্টৰ প্ৰদৰ্শন চলিত ছিজনত অতি শোচনীয় । ৭খন মেচত তেওঁ ১৭.১৭ গড়ে ১০৩ ৰান আৰু ১০০ৰ অলপ বেছি ষ্ট্ৰাইক ৰেট লাভ কৰিছে । তেওঁৰ একমাত্ৰ উল্লেখযোগ্য অৱদান চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৬৩ ৰানৰ ইনিংছৰ ৰূপত আছিল, যত দলটো পৰাস্ত হৈছিল । লগতে তেওঁৰ অধিনায়কত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে ।
গ্লেন মেক্সৱেল-
আই পি এলত গ্লেন মেক্সৱেলৰ প্ৰদৰ্শন সদায়ে বিস্ফোৰক হৈ আহিছে । এই কাৰণেই দলসমূহে তেওঁক নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰে । পঞ্জাব কিংছে ৪.২ কোটি টকাত মেক্সৱেলক ধৰি ৰাখিছে । কিন্তু এতিয়ালৈকে খেলা ৬খন মেচত মেক্সৱেলৰ বেটৰ পৰা মাত্ৰ ৪১ ৰানহে আহিছে । তেওঁৰ গড় ৮.২০ । ডাঙৰ ডাঙৰ চাৰি আৰু ছয় কোবোৱাৰ বাবে বিখ্যাত মেক্সৱেলে এই ছিজনত মাত্ৰ ৪টা চাৰি আৰু এটা ছয়হে আঘাত কৰিছে ।
ৰোহিত শৰ্মা-
আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ পৰিচয় ৰোহিত শৰ্মা । তেওঁ নেতৃত্বত এই দলটোক ৫ বাৰ খিতাপ দখল কৰিছে । কিন্তু ১৬ কোটিৰো অধিক ধন লোৱা ৰোহিত শৰ্মাৰ বাবে এই ছিজনটো এক দুঃস্বপ্নৰ দৰে । এই পৰ্যন্ত খেলা ৬ খন খেলত ৰোহিত শৰ্মাই মাত্ৰ ৮২ ৰানহে কৰিছে । তেওঁৰ সৰ্বোচ্চ স্ক’ৰ মাত্ৰ ২৬ ৰান । ৰোহিত শৰ্মাৰ এই প্ৰদৰ্শনৰ বাবে মুম্বাইৰ সমস্যা বৃদ্ধি পাইছে । ৭খন খেলৰ ভিতৰত ৪খন খেলতে পৰাজয়ৰ সন্মুখীন হৈছে মুম্বাই ।
মাৰ্কাছ ষ্টয়নিছ-
মাৰ্কাছ ষ্টয়নিছক পাঞ্জাব কিংছে ১১ কোটি টকাত ক্ৰয় কৰিছিল । এই ছিজনটোত তেওঁ এতিয়ালৈকে উন্নত প্ৰদৰ্শন আগবঢ়াব পৰা নাই । ৬ খন মেচত মাত্ৰ ৬৬ ৰানহে কৰিবলৈ সক্ষম হৈছে তেওঁ । ষ্টয়নিছৰ আটাইতকৈ বিস্ফোৰক ইনিংছ আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে, য’ত তেওঁ মাত্ৰ ১১টা বলত ৩৪ ৰান সংগ্ৰহ কৰিছিল, য’ত শেষৰ অভাৰত একেৰাহে চাৰিটা ছয়ো আছিল । বলিংতো তেওঁ ব্যৰ্থ হোৱা দেখা গৈছে । তেওঁৰ সকলো মেচতে কোনো উইকেট দখল কৰিবলৈ সক্ষম হোৱা নাই ।