কানাডাত গুলীবিদ্ধ হৈ এগৰাকী ২১ বছৰীয়া ভাৰতীয় ছাত্ৰীৰ মৃত্যু হৈছে।জানিব পৰা মতে ছাত্ৰী গৰাকীয়ে কামলৈ যাবৰ বাবে বাছ ষ্টপত ৰৈ আছিল।
সেই সময়তে এখন গাড়ীৰ ভিতৰৰ পৰা নিৰ্বিচাৰে গুলীচালনা হয় আৰু এটা গুলী আহি ছোৱালীজনীৰ গাত লাগে। ইয়াৰ বাবেই তেওঁ প্ৰাণ হেৰুৱাইছিল।
নিহত কিশোৰীগৰাকীৰ নাম হৰচিমৰাট ৰান্ধৱা।অন্টাৰিঅ’ৰ হেমিল্টনৰ মহ’ক কলেজৰ ছাত্ৰী আছিল হৰসিমৰাট।
বুধবাৰে সংঘটিত হোৱা হত্যাকাণ্ডৰ তদন্ত কৰি আছে হেমিল্টন আৰক্ষীয়ে।আৰক্ষীয়ে জনোৱা মতে, মৃত ছাত্ৰ ৰন্ধাৱা নিৰ্দোষী আছিল।
এই সন্দৰ্ভত অধিক বিশদ বিৱৰণ দি টৰন্টোস্থিত ভাৰতীয় কনছুলেট জেনেৰেলে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শুকুৰবাৰে এটা পোষ্টযোগে কৈছিল যে ‘অন্টাৰিঅ’ৰ হেমিল্টনত ভাৰতীয় ছাত্ৰী হৰচিমৰাট ৰান্ধৱাৰ কৰুণ মৃত্যুত আমি সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছো।’
আৰক্ষীয়ে জনোৱা মতে, স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭.৩০ বজাত হেমিল্টনৰ আপাৰ জেমছ আৰু চাউথ বেণ্ড পথৰ ওচৰত গুলীচালনাৰ খবৰ লাভ কৰে।
আৰক্ষীয়ে তাত উপস্থিত হোৱাৰ লগে লগে গুলী বিদ্ধ ৰন্ধাৱাক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে।তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বাটতে তেওঁৰ মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা মতে, এখন ক’লা ৰঙৰ গাড়ীত থকা এজন যাত্ৰীয়ে এখন বগা ৰঙৰ চেডান গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। তাৰ পাছতে বাছ ষ্টেণ্ডত থিয় হৈ থকা ছাত্ৰী গৰাকীক গুলীয়াই হত্যা কৰে।
গুলীচালনাৰ ঘটনাৰ লগে লগে ক’লা গাড়ীখনৰ সেই স্থানৰ পৰা পলায়ন কৰে।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।