আই পি এল ২০২৫ৰ মাজভাগত ওলাইছে এটা ডাঙৰ খবৰ।দুগুণ বৃদ্ধি হৈছে গুজৰাট টাইটানছৰ দলৰ শক্তি।কাৰণ গুজৰাট টাইটানছৰ দলত প্ৰৱেশ কৰিছে এজন দুৰ্দান্ত খেলুৱৈ।
এইজন খেলুৱৈ অকলেই খেলৰ ফলাফল সলনি কৰাৰ বাবে পৰিচিত। দৰাচলতে আই পি এল ২০২৫ৰ বাকী মেচসমূহৰ বাবে গ্লেন ফিলিপছৰ সলনি শ্ৰীলংকাৰ অলৰাউণ্ডাৰ দাসুন শনাকাক গুজৰাট টাইটানছে চুক্তিবদ্ধ কৰিছে।
উল্লেখ্য যে গ্লেন ফিলিপছক ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ চতুৰ্থখন খেলৰ সময়ত ফিল্ডিং কৰি থকা অৱস্থাত পিঠিত আঘাত পাইছিল, যাৰ বাবে তেওঁ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়।
গুজৰাট টাইটানছে গ্লেন ফিলিপছৰ সলনি দাসুন শনাকাক ৭৫ লাখ টকাৰ বিনিময়ত চুক্তিবদ্ধ কৰিছে।৩৩ বছৰীয়া দাসুন শনকাই আই পি এল ২০২৩ ও গুজৰাট টাইটানছৰ হৈ খেলিছিল, যিটো আই পি এলত তেওঁৰ একমাত্ৰ ছিজন।
দাসুন শনকাই আই পি এলত তিনিখন মেচ খেলি ২৬ ৰান সংগ্ৰহ কৰিছে।দাসুন শনাকাই নিজৰ লগত বহু অভিজ্ঞতা লৈ আহিছে।
টি-২০ কেৰিয়াৰত দাসুন শানাকাই ৪৪৪৯ ৰান সংগ্ৰহ কৰি ৯১টা উইকেট দখল কৰিছে।আই পি এলৰ বাকী থকা ছিজনত গুজৰাট টাইটানছে এইগৰাকী অলৰাউণ্ডাৰগৰাকীৰ প্ৰতিভাক কেনেদৰে ব্যৱহাৰ কৰে সেয়া লক্ষণীয় হ’ব।