মুৰ্ছিদাবাদৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে ৯ জনীয়া এছ আই টি । এই এছ আই টিৰ নেতৃত্বত থাকিব ডি আই জি মুৰ্ছিদাবাদ ৰেঞ্জ । গঠন কৰা এছ আই টিত এজন অতিৰিক্ত আৰক্ষী অধীক্ষক (চোৰাংচোৱা শাখা), দুজন উপ-অধীক্ষক — এজন কাউণ্টাৰ ইনছাৰ্জেন্সি ফৰ্চ (চি আই এফ) আৰু আনজন চি আই ডিৰ — পাঁচজন পৰিদৰ্শক (চি আই ডিৰ চাৰিজন আৰু এজন যান-বাহন আৰক্ষীকে ধৰি), আৰু সুন্দৰবন আৰক্ষী জিলাৰ অধীনৰ চাইবাৰ অপৰাধ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ।
ইয়াৰ পূৰ্বে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কলকাতাত মুছলমান ধৰ্মগুৰুসকলক সাক্ষাৎ কৰে । ধৰ্মগুৰুসকলৰ সৈতে হোৱা বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে মুৰ্ছিদাবাদৰ হিংসাত্মক ঘটনাত নিহতসকলৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে । লগতে মুখ্য সচিবক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিব বুলিও কয় তেওঁ ।
ইফালে দিনৰ ভাগত বি এছ এফৰ জোৱানসকলে মুৰ্ছিদাবাদৰ ধুলিয়ান চহৰত য’ত ১৩০টা ঘৰত দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ লগতে লুণ্ঠনৰ সময়ত মহিলাসকলক নিৰ্যাতন চলাইছিল, তাত ফ্লেগ মাৰ্চ কৰে । লগতে এই অঞ্চলত বৃহৎ সংখ্যক আৰক্ষী বাহিনী আৰু বি এছ এফৰ জোৱান মোতায়েন কৰা হৈছে ।
মুৰ্ছিদাবাদত হিংসাত্মক পৰিস্থিতিৰ বাবে স্থানচ্যুত লোক-
ৱাকফ আইনৰ প্ৰতিবাদত মুৰ্ছিদাবাদ জিলাৰ বহু অঞ্চলত ১১-১২ এপ্ৰিলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । এই হিংসা সংঘটিত হৈছিল ছুটি, ধুলীয়ান আৰু জংগীপুৰ অঞ্চলত । এই হিংসাত তিনিজন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয় । ধুলিয়ানৰ মন্দিৰপাৰা অঞ্চলত কেইবাগৰাকীও মহিলাক নিৰ্যাতন কৰা বুলি জানিব পৰা গৈছে । এই হিংসাৰ ফলত মুৰ্ছিদাবাদত বৃহৎ পৰিসৰৰ স্থানচ্যুতিৰ সৃষ্টি হয় ।
শ শ মহিলা আৰু শিশু ভাগীৰথী নদী পাৰ হৈ চুবুৰীয়া মালদা জিলাত উপস্থিত হৈ এতিয়া তাত শিবিৰত বসবাস কৰি আছে । মহিলা আয়োগৰ অধ্যক্ষই এক বিবৃতিযোগে কয় যে মুৰ্ছিদাবাদৰ পৰা অহা খবৰক লৈ আয়োগ অত্যন্ত চিন্তিত । মহিলাসকলে কেৱল হিংসাৰ সন্মুখীন হোৱাই নহয় নিজৰ স্বাভিমান আৰু ঘৰ-বাৰীও ত্যাগ কৰিবলগীয়া হৈছে ।
মহিলা আয়োগেও তদন্তৰ বাবে গঠন কৰিছে কমিটী-
একে সময়তে ৰাষ্ট্ৰীয় মহিলা আয়োগেও মুৰ্ছিদাবাদৰ হিংসা সন্দৰ্ভত তদন্ত সমিতি গঠন কৰিছে । এই কমিটীয়ে মুৰ্ছিদাবাদৰ হিংসাৰ সময়ত মহিলা নিৰ্যাতন আৰু তেওঁলোকৰ স্থানচ্যুতিৰ তদন্ত কৰিব । মহিলা আয়োগৰ অধ্যক্ষ বিজয়া ৰাহটকাৰে মুৰ্ছিদাবাদৰ হিংসাৰ সন্দৰ্ভত সচেতনতা গ্ৰহণ কৰিছে । এই তদন্ত সমিতিখনে এনেধৰণৰ পৰামৰ্শ দিব যাতে ভৱিষ্যতে এনে ঘটনা সংঘটিত নহয় ।