ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ নামেৰে ৱাংখেড়ে ষ্টেডিয়ামত ষ্টেণ্ড স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে মুম্বাই ক্ৰিকেট সন্থাই । মঙলবাৰে এম চি এৰ বাৰ্ষিক সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ উপৰিও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰাক্তন সভাপতি শৰদ পাৱাৰ আৰু প্ৰাক্তন বেটছমেন অজিত ৱাডেকাৰৰ নামতো ষ্টেণ্ড নিৰ্মাণ কৰা হ’ব ।
সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত-
এই তিনিজন কিংবদন্তিৰ নামেৰে ষ্টেণ্ড নামকৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল ৰাজনীতিবিদ তথা এম চি এৰ শীৰ্ষ পৰিষদৰ সদস্য মিলিন্দ নাৰ্ভেকাৰে । এই প্রস্তাৱটো প্রথমে মিলিন্দ নার্ৱেকাৰে উত্থাপন কৰিছিল আৰু সমর্থন দিছিল জিতেন্দ্র আৱহাদে ৷ সদনে সৰ্বসন্মতিক্ৰমে ষ্টেণ্ড নামকৰণত অনুমোদন জনায় ।
ৱাংখেড়ে ষ্টেডিয়ামত ষ্টেণ্ডৰ নাম…
গ্ৰেণ্ড ষ্টেণ্ড লেবেল ৩ : শ্ৰী শৰদ পাৱাৰ ষ্টেণ্ড
গ্ৰেণ্ড ষ্টেণ্ড লেবেল ৪ : অজিত ৱাডেকাৰ ষ্টেণ্ড
দিবেচা পেভিলিয়ন লেবেল ৩ : ৰোহিত শৰ্মা ষ্টেণ্ড
ইয়াৰ পূৰ্বে শচীন টেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ, বিজয় মাৰ্চেণ্ট আৰু দিলীপ ভেংছাৰকে ধৰি বহু ক্ৰিকেট কিংবদন্তিৰ নামেৰে ৱাংখেড়ে ষ্টেডিয়ামত ষ্টেণ্ডৰ নামকৰণ কৰা হৈছে ।
ৰোহিতৰ অধিনায়কত্বত আই চি চিৰ দুটা খিতাপ জয়-
ৰোহিতৰ অধিনায়কত্বত ভাৰতে দুটাকৈ আই চি চি খিতাপ দখল কৰিছে । ৰোহিতে ২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৫ চনত চেম্পিয়নছ ট্ৰফী লাভ কৰিছিল যদিও ২০২৩ চনত এদিনীয়া বিশ্বকাপৰ খিতাপ জয়ৰ পৰা বঞ্চিত হৈছিল । পৰৱৰ্তী বিশ্বকাপ ২০২৭ চনত দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হোৱাৰ কথা । ২০১১ চনত ৰোহিতে বিশ্বকাপৰ দলত স্থান হেৰুৱাইছিল, ২০১৫ চনত আৰু ২০১৯ চনত তেওঁ সহ অধিনায়ক হিচাবে আছিল । ২০২৩ চনত ৰোহিতৰ এদিনীয়া বিশ্বকাপ জয়ৰ সুযোগ আছিল আৰু তেওঁৰ নেতৃত্বত দলটোৱে একেৰাহে ১০খন মেচত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপৰ মেচখনত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ।