‘নীতিশ কুমাৰক উপ-প্ৰধানমন্ত্ৰী বনাব লাগে’, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে কৰিলে দাবী

বিহাৰৰ মুখ্যমন্ত্ৰী আৰু জনতা দল ইউনাইটেডৰ মুৰব্বী নীতিশ কুমাৰক উপ-প্ৰধানমন্ত্ৰী বনাবলৈ দাবী উত্থাপন হৈছে।এই দাবী উত্থাপন কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে। অশ্বিনী চৌবেয়ে কয় যে এয়া তেওঁৰ ব্যক্তিগত ইচ্ছায উল্লেখ্য যে কেন্দ্ৰলৈ অহাৰ পূৰ্বে অশ্বিনী কুমাৰ চৌবেয়ে নীতিশ কুমাৰৰ

বিহাৰৰ মুখ্যমন্ত্ৰী আৰু জনতা দল ইউনাইটেডৰ মুৰব্বী নীতিশ কুমাৰক উপ-প্ৰধানমন্ত্ৰী বনাবলৈ দাবী উত্থাপন হৈছে।এই দাবী উত্থাপন কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে।

অশ্বিনী চৌবেয়ে কয় যে এয়া তেওঁৰ ব্যক্তিগত ইচ্ছায উল্লেখ্য যে কেন্দ্ৰলৈ অহাৰ পূৰ্বে অশ্বিনী কুমাৰ চৌবেয়ে নীতিশ কুমাৰৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰি আহিছে।

নীতিশক উপ-প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ দাবী সন্দৰ্ভত অশ্বিনী কুমাৰ চৌবেয়ে কয়, “নিতিশ কুমাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।”

তেওঁ মিত্ৰতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত মজবুত কৰিছে।মোৰ ব্যক্তিগত ইচ্ছা যে তেওঁক উপ-প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হওক।

যদি এই ইচ্ছা পূৰণ হয় তেন্তে বিহাৰে বাবু জগজীৱন ৰামৰ পিছত নিজৰ মাটিৰ আন এজন পুত্ৰক এই পদ দখল কৰা দেখিব।

আচলতে এই বছৰৰ শেষত বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।৭৪ বছৰীয়া নীতিশ কুমাৰক সন্মানজনক বিদায় দিব পাৰে বুলিও জল্পনা-কল্পনাৰ আৰম্ভ হৈছে।

অৱশ্যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এ মিত্ৰজোঁটে বিহাৰত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছে।

অশ্বিনী চৌবেৰ দাবীত জেডিইউৰ মুখপাত্ৰ নীৰজ কুমাৰে কয় যে “এন ডি এৰ সকলো মিত্ৰই মুখ্যমন্ত্ৰী নীতিশক আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ নেতা হিচাপে গ্ৰহণ কৰে।”

একে সময়তে আৰজেডিৰ মুখপাত্ৰ এজাজ আহমেদে অশ্বিনী চৌবেক লক্ষ্য কৰি বিজেপিৰ স্বঘোষিত মুখপাত্ৰ আখ্যা দিয়ে।

শেহতীয়া প্ৰৱন্ধসমূহ