ৰাম নৱমীৰ পুৱা মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীৰ বাবে এটা ডাঙৰ ভাল খবৰ আহিছে। অৱশেষত মুম্বাই ইণ্ডিয়ানছ শিবিৰত যোগদান কৰিলে যশপ্ৰীত বুমৰাহ।
আই পি এল আৰম্ভ হোৱাৰ পৰাই বুমৰাহ কেতিয়া মুম্বাই দলত যোগদান কৰিব সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।অৱশেষত দেওবাৰে সকলো অপেক্ষাৰ অন্ত পৰিল।
ভাৰতীয় দলৰ তাৰকা পেচাৰ বলাৰ বুমৰাহ মুম্বাই ইণ্ডিয়ানছ শিবিৰত যোগদান কৰিছে।দেওবাৰে পুৱা মুম্বাই ইণ্ডিয়ানছৰ দলে এটা ভিডিঅ’ মুকলি কৰি তাৰকা পেচাৰগৰাকীয়ে দলত যোগদান কৰাটো নিশ্চিত কৰে।
উল্লেখ্য যে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিমখন খেলত পিঠিত আঘাত পাইছিল বুমৰাহ।ইয়াৰ পিছত বুমৰাহ ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাত খেলিব পৰা নাছিল আনকি চেম্পিয়নছ ট্ৰফীতো খেলিব পৰা নাছিল।
মুম্বাই ইণ্ডিয়ানছৰ দললৈ যশপ্ৰীত বুমৰাহ ঘূৰি আহিছে, যদিও আৰচিবিৰ বিৰুদ্ধে খেলখনত খেলিব নোৱাৰিবও পাৰে তেওঁ।
শেহতীয়া এক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বুমৰাহে খেলপথাৰলৈ উভতি অহাৰ পূৰ্বে ২খন অনুশীলন মেচ খেলি নিজৰ ফিটনেছ প্ৰমাণ কৰিব লাগিব।
তেওঁৰ উভতি অহাটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে অনুশীলন অধিবেশনত কেনেদৰে প্ৰদৰ্শন কৰে তাৰ ওপৰত। বুমৰাহ কেতিয়া ঘূৰি আহিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
যদিও ১৩ এপ্ৰিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনত তেওঁৰ উভতি অহাটো প্ৰায় নিশ্চিত বুলি জানিব পৰা গৈছে। কিন্তু আৰ চি বিৰ বিৰুদ্ধে খেলখনত খেলিবলৈ সন্দেহৰ সৃষ্টি হৈছে।
যোৱা সপ্তাহত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ভাৰতীয় দলৰ তাৰকা পেচাৰগৰাকীয়ে নেটত পূৰ্ণগতিত অনুশীলন কৰা দেখা গ’ল।
এই ভিডিঅ’টো দেখি মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীসকল কিছু আনন্দিত হৈছিল। আই পি এলৰ প্ৰথম চাৰিখন মেচত বুমৰাহ অবিহনে খেলপথাৰত নামিব লগা হৈছিল মুম্বাই ইণ্ডিয়ানে।
এতিয়ালৈকে এনচিএ বা বিচিচিআইয়েও বুমৰাহৰ সৈতে কোনো ধৰণৰ ৰিস্ক ল’ব বিচৰা নাছিল।সেয়েহে তেওঁ সম্পূৰ্ণ ফিট নহ’লে এনচিএৰ বিশেষজ্ঞসকলে তেওঁক সেউজ সংকেত দিবলৈ ইচ্ছুক নাছিল।
অৱশ্যে কিছুদিন পূৰ্বে বুমৰাহ শীঘ্ৰে মুম্বাই ইণ্ডিয়ানছ শিবিৰত যোগদান কৰিব বুলি খবৰ ওলাইছিল। অৱশেষত তাৰকা পেচাৰক ঘূৰাই পোৱাত সকাহ পাইছে মুম্বাই ইণ্ডিয়ানছে।