শ্ৰীলংকা ভ্ৰমণৰ অন্তিম দিনটোত প্ৰধানমন্ত্ৰী মোদীক বিপুল আদৰণি

মহাবোধী মন্দিৰ দৰ্শন, ৰেল প্ৰকল্প উদ্বোধন… শ্ৰীলংকা ভ্ৰমণৰ অন্তিম দিনটোত প্ৰধানমন্ত্ৰী মোদীক বিপুল আদৰণি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনিদিনীয়া শ্ৰীলংকা ভ্ৰমণৰ অন্তিম দিনটোত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেৰ সৈতে অনুৰাধাপুৰা ভ্ৰমণ কৰি জয় শ্ৰী মহাবোধী মন্দিৰত প্ৰাৰ্থনা কৰে । মন্দিৰত বৌদ্ধ ভিক্ষুৰ পৰা আশীৰ্বাদ লয় প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ উত্তৰ অঞ্চলটোক ৰাজধানী কলম্বোৰ সৈতে সংযোগ কৰা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনিদিনীয়া শ্ৰীলংকা ভ্ৰমণৰ অন্তিম দিনটোত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেৰ সৈতে অনুৰাধাপুৰা ভ্ৰমণ কৰি জয় শ্ৰী মহাবোধী মন্দিৰত প্ৰাৰ্থনা কৰে । মন্দিৰত বৌদ্ধ ভিক্ষুৰ পৰা আশীৰ্বাদ লয় প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ উত্তৰ অঞ্চলটোক ৰাজধানী কলম্বোৰ সৈতে সংযোগ কৰা ৰে’ল প্ৰকল্পৰ শুভাৰম্ভ কৰে । এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ভাৰতে শ্ৰীলংকাক কাৰিকৰী আৰু আৰ্থিক সাহায্য আগবঢ়াইছে । উল্লেখ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকালৈ তিনিদিনীয়া ভ্ৰমণৰ বাবে ৪ এপ্ৰিলৰ সন্ধিয়া ৰাজধানী কলম্বোত উপস্থিত হৈছিল ।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অনুৰা কুমাৰ দিছানায়াকে শ্ৰীলংকাৰ দশম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল । ইয়াৰ পিছত তেওঁ প্ৰথম বিদেশ ভ্ৰমণৰ বাবে ভাৰতক বাছি লৈছিল । একে সময়তে দিছনায়কে ৰাষ্ট্ৰপতি হোৱাৰ পিছত শ্ৰীলংকা ভ্ৰমণ কৰা প্ৰথমজন বিদেশী নেতা প্ৰধানমন্ত্ৰী মোদী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অনুৰাধাপুৰাত মহো-অনুৰাধাপুৰা ৰে’লৱে চিগনেলিং চিষ্টেম আৰু মহো-ওমন্থাই ৰে’ল লাইন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । এই দুয়োটা প্ৰকল্প ভাৰত চৰকাৰৰ সহায়ত প্ৰতিষ্ঠা কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়ত বিশেষ সদিচ্ছাৰ ইংগিত হিচাপে শ্ৰীলংকাই ১৪ জন ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়ে ।

বিশ্ব ঐতিহ্য সম্পত্তি অনুৰাধাপুৰা-

অনুৰাধাপুৰা এখন বৌদ্ধ তীৰ্থনগৰ আৰু বিশ্ব ঐতিহ্য সম্পত্তি । ইয়াৰ উপৰিও শ্ৰীলংকা, কম্বোডিয়া, লাওছ আৰু ম্যানমাৰৰ প্ৰধান ধৰ্ম থেৰাভাদা বৌদ্ধ ধৰ্মৰ জন্মস্থান । বৌদ্ধ ধৰ্মৰ এই ৰূপ ভাৰত, চীন, বাংলাদেশ, নেপাল আৰু ভিয়েটনামতো প্ৰচলিত । অনুৰাধাপুৰা শ্ৰীলংকাৰ প্ৰাচীন ৰাজধানীও আছিল, যিখন আশীৰ দশকৰ পৰা ইউনেস্ক’ৰ সহযোগত সংৰক্ষিত হৈ আহিছে । শ্ৰীলংকা চৰকাৰে জাফনা আৰু কেণ্ডীৰ লগতে অনুৰাধাপুৰাকো ঐতিহ্যমণ্ডিত চহৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ