দেশৰ প্ৰথমখন উলম্ব লিফ্ট সাগৰীয় দলং উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…

ৰাম নৱমীত দেশৰ প্ৰথমখন উলম্ব লিফ্ট সাগৰীয় দলং উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে (৬ এপ্ৰিল ২০২৫) তামিলনাডু ভ্ৰমণ কৰি ৰাম নৱমী উপলক্ষে দিনৰ প্ৰায় ১২ বজাত ভাৰতৰ প্ৰথমখন উলম্ব লিফ্ট সাগৰীয় দলং – নতুন পাম্বন ৰেল দলং উদ্বোধন কৰিব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত এই তথ্য প্ৰদান কৰে । প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জাৰি কৰা এক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে (৬ এপ্ৰিল ২০২৫) তামিলনাডু ভ্ৰমণ কৰি ৰাম নৱমী উপলক্ষে দিনৰ প্ৰায় ১২ বজাত ভাৰতৰ প্ৰথমখন উলম্ব লিফ্ট সাগৰীয় দলং – নতুন পাম্বন ৰেল দলং উদ্বোধন কৰিব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত এই তথ্য প্ৰদান কৰে ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে পথ দলঙৰ পৰা এখন ৰে’ল আৰু এখন জাহাজৰ ফ্লেগ অফ কৰিব আৰু দলংখনৰ পৰিচালনাৰ তদাৰক কৰিব । দলংখন উদ্বোধন কৰাৰ পাছত তেওঁ ৰামেশ্বৰমৰ ৰামনাথস্বামী মন্দিৰ পৰিদৰ্শন আৰু পূজা কৰিব । প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক বিবৃতিত কয় যে এই দলংখনৰ সাংস্কৃতিক তাৎপৰ্য গভীৰ । ৰামায়ণৰ তথ্য অনুসৰি ৰামেশ্বৰমৰ সমীপৰ ধনুষকোড়ীৰ পৰা ৰাম সেতু নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ।

ৰামেশ্বৰমক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা এই দলংখন বিশ্বৰ মঞ্চত ভাৰতীয় অভিযান্ত্ৰিকতাৰ এক উল্লেখযোগ্য কৃতিত্ব হিচাপে থিয় দিছে । ৫৫০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই দলঙখন । ইয়াৰ দৈৰ্ঘ্য ২.০৮ কিলোমিটাৰ, ইয়াৰ স্পেন ৯৯ আৰু ৭২.৫ মিটাৰ উলম্ব লিফ্ট স্পেন আছে যিটো ১৭ মিটাৰ উচ্চতালৈ উঠি যায় । ইয়াৰ ফলত জাহাজৰ মসৃণ গতিবিধিৰ সুবিধা হয় আৰু লগতে নিৰৱচ্ছিন্নভাৱে ৰে’লৰ চলাচল নিশ্চিত হয় ।

ষ্টেইনলেছ ষ্টীলৰ শক্তিবৰ্ধক, উচ্চ গ্ৰেডৰ সুৰক্ষামূলক ৰং আৰু সম্পূৰ্ণৰূপে ৱেল্ডিং কৰা সংযোগেৰে নিৰ্মিত এই দলংখনৰ স্থায়িত্ব অধিক আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ প্ৰয়োজন কম । ভৱিষ্যতৰ চাহিদা পূৰণৰ বাবে ইয়াক দ্বৈত ৰেলপথৰ বাবে ডিজাইন কৰা হৈছে । বিশেষ পলিচিল’ক্সেন আৱৰণে ইয়াক জাৰণৰ পৰা ৰক্ষা কৰে, যাৰ ফলত কঠোৰ সাগৰীয় পৰিৱেশত দলংখনৰ দীৰ্ঘায়ু নিশ্চিত হয় ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মতে, দিনৰ প্ৰায় ১.৩০ বজাত মোদীয়ে তামিলনাডুত ৮৩০০ কোটিৰো অধিক টকাৰ বিভিন্ন ৰে’ল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশৰ বাবে উৎসৰ্গা কৰিব । এই উপলক্ষে তেওঁ ৰাজহুৱা সভাতো ভাষণ দিব ।

শেহতীয়া প্ৰৱন্ধসমূহ