বিমান বন্দৰত মোদী-মোদী শ্লোগান;  ৬ বছৰৰ মূৰত শ্ৰীলংকা ভ্ৰমণত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক ভৱ্য আদৰণি

থাইলেণ্ডৰ পাছত তিনিদিনীয়া শ্ৰীলংকা ভ্ৰমণত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।শুকুৰবাৰে কলম্বোত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱা হয়। শুকুৰবাৰে সন্ধিয়া তেওঁক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত হয় শ্ৰীলংকা চৰকাৰৰ ৫ মন্ত্ৰী। ভাৰতীয় জনগোষ্ঠীৰ বহু সংখ্যক লোকো বিমানবন্দৰত উপস্থিত হৈ মোদী-মোদী শ্লোগান দিয়ে।আজি শ্ৰীলংকাত প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ লগতে গাৰ্ড

থাইলেণ্ডৰ পাছত তিনিদিনীয়া শ্ৰীলংকা ভ্ৰমণত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।শুকুৰবাৰে কলম্বোত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনোৱা হয়।

শুকুৰবাৰে সন্ধিয়া তেওঁক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত হয় শ্ৰীলংকা চৰকাৰৰ ৫ মন্ত্ৰী। ভাৰতীয় জনগোষ্ঠীৰ বহু সংখ্যক লোকো বিমানবন্দৰত উপস্থিত হৈ মোদী-মোদী শ্লোগান দিয়ে।আজি শ্ৰীলংকাত প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ লগতে গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হ’ব।

২০১৯ চনৰ পিছত প্ৰধানমন্ত্ৰী মোডীৰ এইবাৰ প্ৰথমবাৰৰ বাবে শ্ৰীলংকা ভ্ৰমণ। প্ৰধানমন্ত্ৰী গৰাকীৰ এই চতুৰ্থটো শ্ৰীলংকা ভ্ৰমণ। আজি কলম্বোত ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষিক আলোচনা হ’ব।

ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিব । ইয়াত প্ৰথমবাৰৰ বাবে ডিফেন্স চুক্তি ছীল কৰা হ’ব। সাগৰত চীনৰ প্ৰভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত এই প্ৰতিৰক্ষা চুক্তি অতি গুৰুত্বপূৰ্ণ হ’ব।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীক কলম্বোৰ স্বাধীনতা চৌহদত গাৰ্ড অৱ অনাৰ দিয়া হ’ব, ইয়াৰ পিছত ৰাষ্ট্ৰপতি দিছানায়াকেৰ সৈতে ৰাষ্ট্ৰপতি সচিবালয়ত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হ’ব।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি দিছানায়কেৰ মাজত প্ৰতিৰক্ষা, শক্তি সুৰক্ষা আৰু ডিজিটেলাইজেশ্যনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিকে ধৰি প্ৰায় ১০টা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ’ব।

শেহতীয়া প্ৰৱন্ধসমূহ