পৃথিৱীৰ ওপৰত নহয়, চন্দ্ৰপৃস্থত হে বাজিছে বিপদ ঘণ্টা! শীঘ্ৰেই খুন্দা মাৰিব পাৰে ১০ মহলীয়া অট্টালিকাৰ সমান ডাঙৰ এটা গ্ৰহাণুয়ে

গ্ৰহাণু ২০২৪ ৱাইআৰ৪ সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে।শেহতীয়াকৈ নাছাই ইয়াৰ আকাৰ আৱিষ্কাৰ কৰিছে।এইটো প্ৰায় এটা ১০ মহলীয়া অট্টালিকাৰ সমান ডাঙৰ। জেমছ ৱেব মহাকাশ টেলিস্কোপৰ (JWST) তথ্যই ২০২৪ ৱাইআৰ৪ নামৰ গ্ৰহাণুটো চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাৰ সম্ভাৱনাৰ বিষয়ে নতুন তথ্য প্ৰদান কৰে। ২০২৪ চনৰ ডিচেম্বৰ মাহত আৱিষ্কাৰ

গ্ৰহাণু ২০২৪ ৱাইআৰ৪ সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে।শেহতীয়াকৈ নাছাই ইয়াৰ আকাৰ আৱিষ্কাৰ কৰিছে।এইটো প্ৰায় এটা ১০ মহলীয়া অট্টালিকাৰ সমান ডাঙৰ।

জেমছ ৱেব মহাকাশ টেলিস্কোপৰ (JWST) তথ্যই ২০২৪ ৱাইআৰ৪ নামৰ গ্ৰহাণুটো চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাৰ সম্ভাৱনাৰ বিষয়ে নতুন তথ্য প্ৰদান কৰে।

২০২৪ চনৰ ডিচেম্বৰ মাহত আৱিষ্কাৰ হোৱা পৃথিৱীৰ ওচৰৰ এই গ্ৰহাণুটোক পূৰ্বে পৃথিৱীৰ বাবে ডাঙৰ ভাবুকি বুলি গণ্য কৰা হোৱা নাছিল। কিন্তু নতুন তথ্যত জানিব পৰা গৈছে যে ইয়াৰ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হ’ব পাৰে।

নাছাৰ জেমছ ৱেব মহাকাশ টেলিস্কোপৰ ইনফ্ৰাৰেড তথ্য অনুসৰি, ই গ্ৰহাণুটোৰ আকাৰ ১৭৪–২২০ ফুট, যিটো এটা ১০ মহলীয়া অট্টালিকাৰ সমান।পূৰ্বতে ইয়াৰ আকাৰ ১৩১–২৯৫ ফুট বুলি অনুমান কৰা হৈছিল।

ইয়াৰ পূৰ্বে ২০৩২ চনৰ ২২ ডিচেম্বৰত চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছিল ১.৭%, যিটো এতিয়া ৩.৮% লৈ বৃদ্ধি পাইছে। অৱশ্যে এতিয়াও ৯৬.২% সম্ভাৱনা আছে যে ই চন্দ্ৰৰ পৰা আঁতৰি যাব পাৰে।

যদি এই গ্ৰহাণুটোৱে চন্দ্ৰত খুন্দাও মাৰে, তেতিয়াও ইয়াৰ ফলত চন্দ্ৰৰ কক্ষপথত কোনো ধৰণৰ পৰিৱৰ্তন নহ’ব।এপ্ৰিল মাহৰ মাজভাগৰ পিছত এই গ্ৰহাণুটো ইমানেই দূৰলৈ যোৱাৰ লগতে ক্ষীণ হৈ পৰিব যে পৃথিৱীৰ পৰা টেলিস্কোপৰ জৰিয়তেও ইয়াক চাব নোৱাৰিব।

২০২৫ চনৰ মে’ মাহত নাছাৰ জেমছ ৱেব টেলিস্কোপে ইয়াক পুনৰ পৰ্যবেক্ষণ কৰি নতুন তথ্য প্ৰকাশ কৰিব।নাছাই স্পষ্ট কৰি দিছে যে ২০২৪ ৱাইআৰ৪ পৃথিৱীৰ সৈতে সংঘৰ্ষ নহ’য়, কিন্তু বিজ্ঞানীসকলে ইয়াক অহৰহ নিৰীক্ষণ কৰি আছে।

শেহতীয়া প্ৰৱন্ধসমূহ