দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাসগৃহৰ পৰা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰৰ গোচৰটো ক্ৰমাৎ উত্তেজনাময় হৈ পৰিছে । মঙলবাৰে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে এখন সৰ্বদলীয় বৈঠক আহ্বান কৰি এই বিষয়ত আলোচনা কৰে । অৱশ্যে বৈঠক শেষ হোৱাৰ পাছত এই সন্দৰ্ভত তথ্য দিওঁতে শিৱসেনাৰ (ইউ বি টি)ৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ কৰাৰ অভিযোগ সন্দৰ্ভত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে আহ্বান কৰা বৈঠকত কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল ।
অহা সপ্তাহত অধিক আলোচনা হ’ব পাৰে-
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চতুৰ্বেদীয়ে কয় যে এই বিষয়টো অহা সপ্তাহত সংসদত আলোচনা হ’ব পাৰে । চতুৰ্বেদীয়ে কয় যে আজিৰ বৈঠকত কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল । এতিয়া অধ্যক্ষই সদনৰ নেতাসকলৰ সৈতে ব্যক্তিগতভাৱে আলোচনা কৰি সিদ্ধান্তত উপনীত হ’ব ।
আলোচনাৰ দাবী টি এম চিৰ সাংসদসকলৰ-
তৃণমূল কংগ্ৰেছৰ সাংসদসকলে কেৱল “এণ্টিচেম্বাৰ”ত নহয়, সদনত এই বিষয়ত আলোচনাৰ দাবী জনায় । টি এম চিৰ এগৰাকী নেতাই কয় যে সদনত বিষয়সমূহ আলোচনা হ’ব লাগে আৰু পদ্ধতি সঠিকভাৱে পালন কৰিব লাগে । লগতে চৰকাৰে সংসদক অপমান কৰা বুলিও কয় তেওঁ ।