অসম চৰকাৰে ৰাজ্যত বিদ্যুত মাচুল হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে । গ্ৰীষ্মকালৰ পূৰ্বে গ্ৰাহকৰ বাবে ইয়াক এক ডাঙৰ সকাহ হিচাপে দেখা গৈছে । ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন হাৰ । সকলো ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত এক টকাকৈ বিদ্যুতৰ হাৰ হ্ৰাস কৰা হ’ব, যাৰ ফলত তেওঁলোকে তীব্ৰ গৰমত বিপুল বিদ্যুতৰ বিলৰ পৰা সকাহ পাব । কৃষি, উদ্যোগিক আৰু বাণিজ্যিক শুল্কও প্ৰতি ইউনিটত ২৫ পইচা হ্ৰাস কৰা হ’ব ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত মাচুল হ্ৰাসৰ বিষয়ে অৱগত কৰে । তেওঁ লিখিছে, “১ এপ্ৰিলৰ পৰা সকলো ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত বিদ্যুতৰ হাৰ ১ টকাকৈ হ্ৰাস কৰা হ’ব, যাৰ ফলত গ্ৰীষ্মকাল শিখৰত উপনীত হোৱাৰ পূৰ্বে তেওঁলোকক অতি প্ৰয়োজনীয় সকাহ প্ৰদান কৰিব ।”
Effective April 1, there will be a ₹1/unit reduction in electricity tariffs for all domestic consumers, providing them much needed relief before peak summer sets in.
— Himanta Biswa Sarma (@himantabiswa) March 25, 2025
Agricultural, industrial and commercial tariffs will go down by 25p/unit.
Another budget promise fulfilled! pic.twitter.com/i28oDzWRDw
তেওঁ কয় যে কৃষি, উদ্যোগিক আৰু বাণিজ্যিক শুল্কত প্ৰতি ইউনিটত ২৫ পইচা হ্ৰাস কৰা হ’ব । বাজেটৰ আন এটা প্ৰতিশ্ৰুতি পূৰণ হ’ল ।