নাইট ক্লাবত অগ্নিকাণ্ড...৫১ জন লোকৰ মৃত্যু,

নাইট ক্লাবত অগ্নিকাণ্ড…৫১ জন লোকৰ মৃত্যু, সংগীত কনচাৰ্টত আতচবাজীৰ ফলত ঘটিল অঘটন

দেওবাৰে পুৱা উত্তৰ মেচিডোনিয়াৰ দক্ষিণ চহৰ কোকানিৰ এটা নাইট ক্লাবত অগ্নিকাণ্ড সংঘটিত হয় । এই দুৰ্ঘটনাত ৫১ জন লোকৰ মৃত্যু হয় । আনহাতে ১০০ৰো অধিক লোক আহত হয় । জানিব পৰা মতে ক্লাবত সংগীত কনচাৰ্টৰ সময়ত আতচবাজীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় । মেচিডোনিয়াৰ মন্ত্ৰী

দেওবাৰে পুৱা উত্তৰ মেচিডোনিয়াৰ দক্ষিণ চহৰ কোকানিৰ এটা নাইট ক্লাবত অগ্নিকাণ্ড সংঘটিত হয় । এই দুৰ্ঘটনাত ৫১ জন লোকৰ মৃত্যু হয় । আনহাতে ১০০ৰো অধিক লোক আহত হয় । জানিব পৰা মতে ক্লাবত সংগীত কনচাৰ্টৰ সময়ত আতচবাজীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় ।

মেচিডোনিয়াৰ মন্ত্ৰী পাঞ্চে টছকোভস্কিয়ে কয় যে দেওবাৰে পুৱা নাইট ক্লাব পালছত পপ গ্ৰুপৰ কনচাৰ্টৰ সময়ত এই অগ্নিকাণ্ড সংঘটিত হয় । ক্লাবটোলৈ অহা যুৱক-যুৱতীসকলে আতচবাজী ফুটাইছিল । যাৰ ফলত ক্লাবত জুই লাগে । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত ক্লাবৰ ভিতৰত দেখা গৈছে এক বিশৃংখল পৰিৱেশ ।

অগ্নিকাণ্ডৰ পিছত ক্লাবত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত ক্লাবৰ পৰা জুইৰ শিখা উঠা দেখা গৈছে । জানিব পৰা মতে স্থানীয় সংগীত গোষ্ঠীৰ যুটিটোৱে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিল । এই সময়তে একাংশ যুৱকে নাচি থকা অৱস্থাত ফটকা ফুটাই । ইয়াৰ বাবেই ছাদত জুই লাগে । ভিডিঅ’টোত মঞ্চৰ পৰা জুইৰ স্ফুলিংগ ওলাই অহা দেখা গৈছে ।

নিৰাপত্তা বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰে । জানিব পৰা মতে, অগ্নিকাণ্ড ইমানেই বিশাল আছিল যে অগ্নিনিৰ্বাপক বাহিনীয়ে কেইবা ঘণ্টা ধৰি কঠোৰ পৰিশ্ৰম কৰিছিল । মেচিডোনিয়াৰ কৰ্তৃপক্ষই এই অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ