আলাস্কাৰ সমিপত অৱস্থিত মাউণ্ট স্পাৰত আগ্নেয়গিৰিত অহা সপ্তাহ বা মাহবোৰত উদগীৰন হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিজ্ঞানীসকলৰ মতে, শেহতীয়া দিনবোৰত এই আগ্নেয়গিৰিটোত অস্বাভাৱিক কাৰ্যকলাপ দেখা গৈছে।
এংকৰেজৰ পৰা প্ৰায় ১২৯ কিলোমিটাৰ উত্তৰ-পশ্চিমত অৱস্থিত ‘মাউণ্ট স্পাৰ’ আগ্নেয়গিৰিটো শেষবাৰৰ বাবে ১৯৯২ চনত বিস্ফোৰিত হৈছিল আৰু সেই সময়ছোৱাত ইয়াৰ ছাই প্ৰায় ১৯ কিলোমিটাৰ দূৰলৈকে বতাহত বিয়পি পৰিছিল।
আলাস্কা ভলকেনো অবজাৰ্ভেটৰীৰ মতে, মাউণ্ট স্পাৰত তাৎপৰ্যপূৰ্ণ ভাৱে বৃদ্ধি হোৱা আগ্নেয়গিৰি গেছ নিৰ্গমন ধৰা পৰিছে। ইয়াৰ উপৰিও, ক্ৰেটাৰটোত কাৰ্যকলাপ দেখা গৈছে।
যোৱা অক্টোবৰত উপগ্ৰহ তথ্যৰ পৰা ভূমিকম্প সম্পৰ্কীয় কাৰ্যকলাপ আৰু ভূমিৰ পৰিস্থিতি বৃদ্ধি হোৱা লক্ষ্য কৰাৰ পিছত অৱজাৰ্ভেটৰীয়ে ‘মাউণ্ট স্পাৰ’ৰ সতৰ্কতাৰ স্তৰ ‘হালধীয়া’ লৈ বৃদ্ধি কৰিছিল।
আলাস্কা ভলকেনো অবজাৰ্ভেটৰীৰ মতে, “গেছনিৰ্গমন বৃদ্ধিয়ে নিশ্চিত কৰে যে মেগমা আগ্নেয়গিৰিৰ তলত পৃথিৱীৰ ওপৰৰ স্তৰত প্ৰৱেশ কৰিছে, যাৰ ফলত অহা সপ্তাহ বা মাহবোৰত উদগীৰণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।”
শেহতীয়াকৈ, বিজ্ঞানী ডেভিদ ফিয়ে জনাইছে যে ২০২৪ চনত আগ্নেয়গিৰিৰ তলত প্ৰায় ১,৫০০ টা নিম্ন-তীব্ৰতাৰ ভূমিকম্প হৈছিল, যি এবছৰত হোৱা সাধাৰণ ১০০ টা ভূমিকম্পতকৈ যথেষ্ট বেছি।