বলীউডৰ হট অভিনেত্ৰী উবৰ্শী ৰৌতেলাই সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত তেওঁক গুলপীয়া পোছাক পিন্ধি ৰোলছ ৰয়েছ কুলিনান বাহন খনৰ পৰা ওলাই অহা দেখা গৈছে।
উৰ্বশী ৰৌতেলাই তেওঁৰ কাৰৰ কালেকশ্বনত এই বাহনখনো যোগ দিছে। এই বাহনখন ক্ৰয়ৰ লগতে, উৰ্বশী ৰৌতেলাই শ্বাহৰুখ খান আৰু ব্যৱসায়ী মুকেশ আম্বানীৰ তালিকাত যোগদান কৰিছে।
এই দুয়োজন মহান ব্যক্তিত্বৰ ওচৰত এখন এখন ৰোলছ ৰয়েছ কুলিনান আছে। উৰ্বশী ৰৌতেলা এই বিলাসী বাহনখন ক্ৰয় কৰা প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী।
ইয়াৰ পূৰ্বে, বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান, ব্যৱসায়ী মুকেশ আম্বানী, অভিনেতা বিবেক অবেৰয়, অজয় দেৱগন, আল্লু অৰ্জুন আৰু টি-চিৰিজৰ গৰাকী ভূষণ কুমাৰকে ধৰি মাত্ৰ ৬ জন লোকৰ এই বিলাসী বাহনখন আছে।
উৰ্বশীৰ পূৰ্বে কোনো ভাৰতীয় অভিনেত্ৰীয়ে এই বিলাসী বাহনখন ক্ৰয় কৰিব পৰা নাই। উল্লেখনীয় যে ৰোলছ ৰয়েছ কুলিনানৰ মূল্য হৈছে ১২ কোটি টকা।
এই গাড়ীখনত আশ্চৰ্যকৰ বৈশিষ্ট্য আছে যিয়ে ইয়াক বিলাসী গাড়ীৰ তালিকাত অন্তৰ্ভুক্ত কৰে। ইয়াত ৬৭৫০ চিচি ইঞ্জিন আছে যি ৫০০০আৰপিএমত ৫৬৩ বিএইচপি শক্তি আৰু ১৬০০ আৰপিএমত ৮৫০ এনএম টৰ্ক প্ৰদান কৰে।