ম্যানমাৰে মুক্ত কৰিলে ৩০০ ভাৰতীয় নাগৰিকক...

ম্যানমাৰে মুক্ত কৰিলে ৩০০ ভাৰতীয় নাগৰিকক…বায়ুসেনাৰ বিমানেৰে অনা হ’ল ভাৰতলৈ

ম্যানমাৰৰ প্ৰৱঞ্চনা কেন্দ্ৰৰ পৰা মুক্ত হোৱা ৩০০ ভাৰতীয় নাগৰিকক সোমবাৰে থাইলেণ্ড হৈ ভাৰতলৈ প্ৰেৰণ কৰা হয় । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ভাৰতীয় নাগৰিকসকলক বায়ুসেনাৰ চি-১৭ পৰিবহণ বিমানেৰে ঘূৰাই অনা হয় । ম্যানমাৰ চৰকাৰে চীনৰ অপাৰেটৰৰ দ্বাৰা পৰিচালিত অবৈধ অনলাইন কেলেংকাৰী কেন্দ্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ

ম্যানমাৰৰ প্ৰৱঞ্চনা কেন্দ্ৰৰ পৰা মুক্ত হোৱা ৩০০ ভাৰতীয় নাগৰিকক সোমবাৰে থাইলেণ্ড হৈ ভাৰতলৈ প্ৰেৰণ কৰা হয় । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ভাৰতীয় নাগৰিকসকলক বায়ুসেনাৰ চি-১৭ পৰিবহণ বিমানেৰে ঘূৰাই অনা হয় । ম্যানমাৰ চৰকাৰে চীনৰ অপাৰেটৰৰ দ্বাৰা পৰিচালিত অবৈধ অনলাইন কেলেংকাৰী কেন্দ্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । ইয়াৰ পৰা মুক্ত হোৱা লোকসকলক নিজৰ দেশলৈ পঠিয়াই দিয়া হৈছে । এই অভিযানত ম্যানমাৰ চৰকাৰে প্ৰায় ৭ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰিছে ।

কেন্দ্ৰসমূহৰ পৰা মুকলি কৰি দিয়া এই লোকসকলৰ অধিকাংশই চীনৰ যুৱক । ম্যানমাৰ-থাইলেণ্ড সীমান্তত আবদ্ধ হৈ আছে চীনৰ যুৱক সকল । এই কেন্দ্ৰসমূহৰ পৰা মুকলি কৰি দিয়া ২৬৬গৰাকী ভাৰতীয় পুৰুষ আৰু ১৭গৰাকী মহিলাক ভাৰতীয় কৰ্তৃপক্ষই ৭খন বাছত উঠাই থাইলেণ্ড বিমানবন্দৰলৈ লৈ যায় । ইয়াৰ বাহিৰেও তেওঁলোকৰ লাগেজ আন তিনিখন বাছত অনা হৈছিল । এই নাগৰিকসকলক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰে বায়ুসেনাৰ চি-১৭ পৰিবহণ বিমান মোতায়েন কৰিছে ।

প্ৰৱঞ্চনাৰ জৰিয়তে প্ৰতি বছৰে কোটি কোটি টকা উপাৰ্জন-

উল্লেখ্য যে বিভিন্ন ধৰণৰ প্ৰৰোচনা আগবঢ়াই হাজাৰ হাজাৰ লোকক কামৰ বাবে ম্যানমাৰলৈ অনা হয়, য’ত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰৱঞ্চনামূলক কামত লিপ্ত কৰোৱা হয় । ভুৱা চুক্তিৰে বহু লোকক ম্যানমাৰলৈ অনা হয় আৰু ইয়াত শোষণ কৰা হয় । ২০২৩ চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি অপৰাধী দলসমূহে অনলাইন প্ৰৱঞ্চনাৰ জৰিয়তে প্ৰতি বছৰে কোটি কোটি টকা উপাৰ্জন কৰে ।

দক্ষিণ এছিয়াত চলোৱা হৈছে বৃহৎ অভিযান-

দক্ষিণ এছিয়াৰ দেশসমূহে কেলেংকাৰী কেন্দ্ৰৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে । বৰ্তমান থাইলেণ্ড-ম্যানমাৰ সীমান্তত এটা ডাঙৰ অভিযান চলোৱা হৈছিল । থাইলেণ্ড চৰকাৰে কেলেংকাৰী কেন্দ্ৰ বুলি সন্দেহ কৰা অঞ্চলসমূহৰ বিদ্যুৎ, ইন্ধন আৰু পানী যোগান কৰ্তন কৰিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ